মহাকাশত ৩৭১ দিন কটাই ঘূৰি আহিল ফ্ৰেংক ৰুবিঅ’

ডিজিটেল ডেক্সঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰী ফ্ৰেংক ৰুবিঅ’ৱে মহাকাশ ষ্টেচনত এবছৰো অধিক কাল অতিবাহিত কৰি কালি নিৰাপদে পৃথিৱীলৈ ঘূৰি আহে।

মহাকাশত মুঠ ৩৭১ দিন কটাই কাজাখাস্তানৰ মৰুভূমিত যোৱাকালি অৱতৰণ কৰে। মধ্যাকৰ্ষণ শক্তিৰে কোনো সম্পৰ্ক নথকাকৈ মহাকাশত কটোৱা সময়ছোৱাত বিজ্ঞানীগৰাকীয়ে পৃথিৱীৰ চাৰিওফালে ৫ হাজাৰবাৰৰো অধিক বাৰ পৃথিৱীক পৰিভ্ৰমণ কৰিছিল।

স্মৰ্তব্য যে, আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ৩৭১ দিন অতিবাহিত কৰা ফ্ৰেংক ৰুবিঅ’ৱে হৈছে প্ৰথমগৰাকী মহাকাশচাৰী। তেওঁৰ সৈতে ৰাছিয়াৰ মহাকাশচাৰী ছাৰ্গেই প্ৰকোপিয়েভ আৰু দিমিত্ৰি পেটলিনও পৃথিৱীত অবতৰণ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২২ চনত আন এগৰকী মাৰ্কিন মহাকাশচাৰী মাৰ্ক ভান্দে ৩৫৫ দিন মহাকাশত কটাই অভিলেখৰ গৰাকী হৈছিল।