মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে ৰঙিয়াত গৰজি উঠিল সহস্ৰাধিক পুৰুষ মহিলা

ৰঙিয়াঃ জাগিছে ইছলাম সমাজ ৷ কামৰূপ জিলাৰ কৰৰা ১নং মছজিদ প্ৰাঙ্গনৰ পৰা মুছলমান সমাজৰ বৃহৎ ঘোষণা “মদ-ভাং-ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীৰ কৰা নহয় জানাজা ৷ দিয়া নহয় কবৰ ৷”

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত কৰৰা-ৰাধাকুছি -নকুছি উন্নয়ন সমিতিৰ উদ্যোগত মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে আজি উলিওৱা হয় বৃহৎ ৰেলী ৷ সহস্ৰাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণৰে কেইবাখনো গাঁৱৰ মাজেৰে উলিওৱা হয় এই ৰেলী।