মণিপুৰ হিংসা: ইম্ফল পূবত মহিলাক গুলীয়াই হত্যা, মুখ বিকৃত; ৩ খন ট্ৰাকত অগ্নিসংযোগ

মণিপুৰত হিংসাত্মক ঘটনা কিছু পৰিমানে হ্ৰাস হৈছে যদিও এতিয়াও বহু অঞ্চলত উত্তেজনা অব্যাহত আছে। শনিবাৰে সন্ধিয়া পুনৰ মণিপুৰৰ ইম্ফল পূব জিলাত গুলীচালনাৰ ঘটনা সংঘটিত হয়। চাৱোমুং অঞ্চলত এগৰাকী নগা সম্প্ৰদায়ৰ মহিলাক গুলীয়াই হত্যা কৰে একাংশ অস্ত্ৰধাৰী দুৰ্বৃত্তই । গুলীত নিহত মহিলাগৰাকীৰ মুখমণ্ডলো বিকৃত কৰি থৈ যায় দুৰ্বৃত্তৰ দলটোৱে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে অস্ত্ৰধাৰী দলটোৱে মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে আৰু প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকীক মুখত গুলীয়ায় । কেৱল এয়াই নহয় অস্ত্ৰধাৰী দলটোৱে পলাই যোৱাৰ পূৰ্বে মহিলাগৰাকীৰ মুখমণ্ডল বিকৃত কৰি থৈ যায় । ইতিমধ্যে মণিপুৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাইছে যদিও দুখীক এতিয়ালৈ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

জানিব পৰা মতে মহিলাগৰাকীৰ মানসিক অৱস্থাও সুস্থিৰ নাছিল । নিহত মহিলাগৰাকী মাৰিং নগা সম্প্ৰদায়ৰ আছিল । আৰক্ষীয়ে জনোৱা মতে জুলাইৰ প্ৰথম সপ্তাহতো অনুৰূপ ঘটনা সংঘটিত হৈছিল । মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ এখন বিদ্যালয়ৰ ওচৰত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা হৈছিল । ৰাজ্যখনত বিদ্যালয়সমূহ পুনৰ আৰম্ভ কৰাৰ এদিন পাছতে এই ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে ঘটনাটো পুৱা প্ৰায় ৮:৪০ বজাত শিশু নিষ্ঠা নিকেতন বিদ্যালয়ৰ সমীপত সংঘটিত হৈছিল । মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মণিপুৰত চলি থকা জাতিগত হিংসাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ দুমাহৰো অধিক সময় ধৰি বন্ধ আছিল । উত্তৰ-পূবৰ ৰাজ্যখনত জনজাতীয় সম্প্ৰদায় মেইটেই আৰু কুকিৰ মাজত জাতিগত সংঘৰ্ষ হোৱাৰ পাছত এতিয়ালৈকে কমেও ১২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ৩০০ ৰো অধিক লোক আহত হৈছে আৰু প্ৰায় ৫০,০০০ লোক গৃহহীন হৈ পৰিছে ।

ইফালে, দিনটোৰ আৰম্ভণিতে মণিপুৰৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী ট্ৰাকত জুই লগোৱা হৈছিল, পিটিআইয়ে আৰক্ষীৰ উদ্ধৃতিৰে কয়। ঘটনাটো চেকমাই আৰক্ষী থানা অঞ্চলৰ আৱাং চেকমাইত সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, এলপিজি চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহৃত ট্ৰাকবোৰ এখন মুকলি পথাৰত ৰখাই থোৱা হৈছিল আৰু তেতিয়াই ট্ৰাক কেইখনত জুই লগোৱা হৈছিল।

ঘটনাটোৰ আঁৰত থকা সকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই, আৰক্ষীয়ে কয় যে ট্ৰাকবোৰ কিয় জ্বলাই দিয়া হৈছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট নহয়। ঘটনাসন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে, আৰক্ষীয়ে লগতে কয়। সুৰক্ষা বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। অৱশ্যে, তেওঁলোকে ট্ৰাককেইখনক বচাবলৈ ব্যৰ্থ হৈছিল।