তিনিদিনীয়া ভ্ৰমণৰ সামৰণি মাৰি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে, ‘‘উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দ্বাৰা মণিপুৰৰ হিংসাৰ তদন্ত কৰা হ’ব ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত ছটা গোচৰৰ তদন্ত চিবিআইৰ এটা বিশেষ দলে কৰিব ৷ নিৰপেক্ষ আৰু ন্যায্য তদন্ত হ’ব বুলি সকলো মণিপুৰবাসীক আশ্বস্ত কৰিব বিচাৰিছো । ভৱিষ্যতে যাতে এনে কোনো হিংসা সংঘটিত নহয়, তাৰবাবে ভৱিষ্যতে কি ব্যৱস্থা লোৱা হ’ব, সেই বিষয়েও আলোচনা কৰা হ’ব ।’’
অমিত শ্বাহে আৰু কয় যে, ‘‘বৃহস্পতিবাৰৰ পৰা চি আৰ পি এফৰ অৱসৰপ্ৰাপ্ত ডি জি কুলদীপ সিঙৰ অধীনত ৰাজ্য খনত এটা আন্তঃসংস্থা ঐক্যবদ্ধ কমাণ্ডে কাম আৰম্ভ কৰিব ৷ যাৰ দ্বাৰা পৰিস্থিতি পৰিচালনাৰ বাবে ৰাজ্যখনত নিয়োজিত সংস্থাসমূহৰ মাজত সমন্বয়ৰ তদাৰক কৰা হ’ব ।’’
তেওঁ কয়, ‘‘বহু শীৰ্ষ বিষয়া, ৰাজনৈতিক দল, কুকি আৰু মেইটেই অসামৰিক গোটৰ প্ৰতিনিধিকে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে কেইবাটাও ৰাউণ্ডত ইতিমধ্যে বৈঠক হৈছে । হিংসাৰ কাৰণসমূহ চাবলৈ আৰু ইয়াৰ বাবে কোন দায়ী আছিল সেইটো চিনাক্ত কৰিবলৈ এটা তদন্ত পেনেল গঠন কৰা হ’ব । এই তদন্ত পেনেলৰ নেতৃত্বত থাকিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ । মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশনাত এখন শান্তি সমিতিও গঠন কৰা হ’ব ।”
এইবোৰৰ উপৰিও এই সংবাদমেলতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ হিংসাত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়াললৈ ১০ লাখ (ৰাজ্যৰ ফালৰ পৰা ৫ লাখ আৰু কেন্দ্ৰৰ পৰা ৫ লাখ) এককালীন সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ৷ লগতে কেন্দ্ৰই মণিপুৰত খাদ্যৰ অভাৱ দূৰ কৰিবলৈ দুই মাহৰ ভিতৰত ৩০ মেট্ৰিক টন চাউল যোগান ধৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ৷