মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পদক্ষেপ অস্বীকাৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী নংথম্বাম বীৰেন সিঙে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহকৰি এক মুকলি প্ৰদৰ্শনত শুক্ৰবাৰে (৩০ জুন) তেওঁৰ পদৰ পৰা পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে।

কেন্দ্ৰীয় চৰকাৰে, বিশেষকৈ গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী বীৰেন সিং’ৰ সন্মুখত দুটা বিকল্প ৰাখিছিল: নিজে পদত্যাগ কৰক বা কেন্দ্ৰৰ হস্তক্ষেপৰ সন্মুখীন হওক।

বীৰেন সিঙে প্ৰথমে কৈছিল যে তেওঁ পদত্যাগ কৰিব। তেওঁক ৰাজ্যপাল অনুচুয়া উইকীক লগ কৰিবলৈ আৰু পদত্যাগ পত্ৰ দাখিল কৰিবলৈ কোৱা হৈছিল। সিঙে প্ৰথমতে শুক্ৰবাৰে (30 জুন) দুপৰীয়া 1 বজাত ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা আছিল, কিন্তু ইয়াক দুপৰীয়া 2.30 বজালৈ পিছুৱাই দিছিল।

কিন্তু, এজন জ্যেষ্ঠ মন্ত্ৰীৰ মতে, তেতিয়াই বীৰেন সিঙে পদত্যাগ নকৰিবলৈ এক বিস্তৃত নাটক ৰচনা কৰে।

মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত মেইটেই নাগৰিক সমাজ সংগঠনসমূহে ইম্ফলৰ বাবুপাৰাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত মানৱ শৃংখল গঠন কৰা মহিলাৰ বিশাল জনতা একত্ৰিত কৰাইছিল।

পুৱা 10 বজাৰ পৰা মুখ্যমন্ত্ৰীৰ বাসভৱনৰ বাহিৰত সমবেত হোৱা মহিলাসকলে বীৰেন সিঙক পদ ত্যাগ নকৰিবলৈ আহ্বান জনাই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

সেই সময়তে স্থানীয় লোকে তেওঁৰ পদত্যাগ পত্ৰ ফালি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত বীৰেন সিঙে পদত্যাগ নকৰাৰ কথা স্পষ্ট কৰি দিয়ে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে শুকুৰবাৰে তেওঁৰ পদৰ পৰা পদত্যাগ নকৰে বুলি টুইটযোগেত স্পষ্ট কৰি দিয়ে যে তেওঁ নিজৰ পদৰ পৰা আঁতৰি থকা নাই। সিঙে টুইটযোগে কয়, “এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মই স্পষ্ট কৰিব বিচাৰিছো যে মই মুখ্য মন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰো,”।