যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ কুকি আৰু মেইটেইসকলৰ সংঘৰ্ষই দুমাহ অতিক্ৰম কৰাৰ পাছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মণিপুৰৰ দুই কুকি মহিলাক মেইটেই লোকে উলংগ কৰি ৰাজপথেৰে পেৰেড কৰি যোৱাৰ লগতে দলৱদ্ধ ধৰ্ষণ কৰা বিষয়টোৱে সমগ্ৰ দেশত তোলপাৰ লগোৱাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
“মণিপুৰৰ ঘটনা সমগ্ৰ দেশৰে সভ্য সমাজক লজ্জানত কৰিছে ।” এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
উল্লেখ্য যে, শেহতীয়াকৈ পোহৰলৈ অহা এটা ভিডিঅ’ই মণিপুৰৰ পৰিৱেশ কিমান ভয়াৱহ, কিমান পাশৱিক সেই কথাক প্ৰমাণ কৰিছে। এদল লোকে দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে সমদল কৰি কোনো এটা বিশেষ স্থানলৈ লৈ যোৱা এই ভিডিঅ’ সামাজিক মাধ্যমত যিয়েই দেখিছে তেওঁৰেই গাৰ নোম শিয়ৰি উঠিছে।
যোৱা ৪ মে’তে সংঘটিত হোৱা এই ঘটনা পোহৰলৈ আনিছে এটা কুকি সংগঠনে। কুকি সংগঠন ইণ্ডিজেনাছ ট্ৰাইবেল লীডাৰ্ছ ফ’ৰামে পোহৰলৈ অনা এই ভিডিঅ’টোৰ প্ৰসংগত কৈছে, ৪ মে’ৰ দিনা কাংপকপি জিলাত এই দুষ্কাৰ্য সংঘটিত হৈছিল।
কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ এদিনৰ পিচতে এই গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। কিন্তু ৰাজ্যখনত ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে ঘটনাটো পোহৰলৈ অহা নাছিল।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই দৃশ্যত দেখা গৈছে এদল মেইটেই সম্প্ৰদায়ৰ লোকৰ দলে সম্পূৰ্ণ নগ্ন কৰি দুগৰাকী মহিলাক অট্টহাস্যৰ মাজত ৰাজপথত পেৰেড কৰাইছে। মানৱৰূপী এই দানৱৰ মাজত পৰি দুয়োগৰাকী মহিলাই মৰণকাতৰ আৰ্তনাদ কৰিছে। সংগঠনটোৰ মতে এই দুয়ো মহিলা কুকি জ’ সম্প্ৰদায়ৰ।
দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষক দমন কৰিব নোৱৰা কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনা পোহৰলৈ অহাৰ পাছতে অৱশেষত মুখ খুলিছে ।
শান্তি স্থাপনত ব্যৰ্থ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে তেওঁ এই সময়ত দুখ আৰু খঙেৰে ভৰি থকা এক মণিপুৰক দেখিছে । মণিপুৰৰ ঘটনাটো কেৱল লজ্জাজনক নহয় ই সভ্যতাৰ নীতিৰ সম্পূৰ্ণ বিপৰীত বুলিও তেওঁ দাবী কৰে । কেইজনমান ব্যক্তিৰ কাৰ্যকলাপে কেৱল নিজকে নহয় সমগ্ৰ দেশৰ সুনাম কলুষিত কৰিছে আৰু যাৰ ফলত ১৪০ কোটি লোক হতাশ হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আশ্বাস দিছে যে এনে অপৰাধৰ সৈতে জড়িত কোনেও আইনৰ দৃষ্টিত ৰেহাই নাপাব । তেওঁৰ মতে ন্যায়ৰ মূল্যবোধ বজাই ৰখা আৰু সমাজৰ দুৰ্বল শ্ৰেণীক সুৰক্ষা দিয়াটো সামূহিক দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে । ইফালে সকলোৰে বাবে এক সুৰক্ষিত আৰু অধিক সহানুভূতিশীল ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ একেলগে কাম কৰিবলৈও তেওঁ আহ্বান জনায় ।
লগতে দেশৰ সকলো মুখ্যমন্ত্ৰীকে তেওঁলোকৰ নিজ নিজ ৰাজ্যত কঠোৰ আইন-শৃংখলা বলবৎ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে যাতে এনে ধৰণৰ জঘন্য অপৰাধৰ পুনৰাবৃত্তি কেতিয়াও নহয় । বিশেষকৈ দেশৰ মাতৃ আৰু কন্যাসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বিষয়ে চিন্তা কৰা উচিত । তেওঁৰ মতে এই বিষয়টোক লৈ ৰাজনৈতিক মহলত বিতৰ্ক হ’ব পাৰে ছ কিন্তু সকলোৱে একত্ৰিত হ’ব লাগিব আৰু ন্যায় ৰক্ষা কৰাটো নিশ্চিত কৰিবলৈ নিৰ্ণায়ক পদক্ষেপ ল’ব লাগিব বুলিও তেওঁ আহ্বান জনায় ।
ইফালে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয়মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, মণিপুৰৰ ২ গৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ভয়ানক ভিডিঅ’টো নিন্দনীয় আৰু সম্পূৰ্ণ অমানৱীয়। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিলো । তেওঁ মোক জনাইছে যে বৰ্তমান তদন্ত চলি আছে।