মনিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ ফলত সৰভোগত তীব্ৰ প্ৰতিবাদ।
মনিপুৰত বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা ধিক্কাৰ জনাই শান্তি প্ৰতিষ্ঠা দাবীত সৰভোগত পাচটা সংগঠন চি আই টি ইউ , অসম ৰাজ্যিক কৃষক সভা, এছ এফ আই, অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু ডি ৱাই এফ আই ৰাজপথত পদযাত্ৰাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
মনিপুৰত গোষ্ঠীগত সংঘৰ্ষ চৰম ব্যৰ্থতা উদঙাইছে বিজেপি চৰকাৰৰ।
নীৰৱ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মনিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং, উত্তৰ পূৰ্বাঞ্চলৰ নেদাৰ আহব্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশাসন।
মনিপুৰত গোষ্ঠীগত সংঘৰ্ষৰ বুজ লবলৈ সময় নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
মনিপুৰ চৰকাৰে ইন্টাৰনেটৰ বন্ধ কৰি গোষ্ঠীগত সংঘৰ্ষ লুকাই ৰাখিবলৈ চেষ্টা কৰিছিল । কিন্তু ইন্টাৰনেটৰ খোলাৰ পিছতে সকলো তথ্য পোহৰলৈ আহিলে।
দুগৰাকী কুকি মহিলাক ধৰ্ষণ কৰি উলংগ কৰি ৰাজপথলৈ সমদল উলিওৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তুলপাৰ হৈছে ৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্ব।
কিন্তু বিজেপি চৰকাৰে ৰাষ্ট্ৰৰ মজিয়াত সংঘৰ্ষৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ ধৰ্মক লৈ ৰাজনীতি আৰম্ভ কৰা বুলি অভিযোগ সমদলকাৰিৰ।