মণিপুৰত আন বাহনৰ লগত জ্বলাই দিলে আৰক্ষী অধীক্ষকৰ বাহন…

মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনা। যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ আজিও অব্যাহত আছে চুবুৰীয়া ৰাজ্যখনত।

শেহতীয়াকৈ যোৱা সোমবাৰে মণিপুৰত নিৰাপত্তা বাহিনী আৰু জনতাৰ মাজত পুনৰ এক ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয়। জনতাই আৰক্ষীৰ বাহনত অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষীৰ লগত হতাহতিতো লিপ্ত হয়।

উল্লেখ্য যে, মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ত্ৰং লাউবিত অনুষ্ঠিত হৈছিল এখন প্ৰতিবাদী সভা। এই সভাৰ পৰা কাকছিং অভিমুখে ঘূৰি অহা এদল লোকক আৰক্ষীয়ে কাকছিং বজাৰত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে। আৰু তাৰ পাছতেই এই সংঘৰ্ষৰ সূত্ৰপাত হয়। এই ঘটনাত প্ৰতিবাদকাৰীয়ে আৰক্ষী অধীক্ষকৰ বাহনখনো জ্বলাই দিয়ে।

পিছত, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। এনে পৰিস্থিতিত কেইবাজনো আৰক্ষী আৰু প্ৰতিবাদকাৰী আহত হৈছে।