মঙ্গলদৈ লোকসভা সমষ্টিৰ জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ প্ৰতিটো লোক সভা সমষ্টিত একোখনকৈ জনসভা অনুষ্ঠিত কৰি অহা চৰকাৰে আজি মঙ্গলদৈ লোক সভা সমষ্টিৰ জনসভা খন সমাপন হ’ল ।

এতিয়ালৈকে ১২ খন জনসভা সম্পন্ন হ’ল । নঁগাৱত হ’ব লগা জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। অসমৰ সকলো জনগোষ্ঠী একেলগ নহলে অসম খন দ্বিতীয় বাংলাদেশলৈ ৰূপান্তৰিত হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে অসমত তিনি খলপীয়া পঞ্চায়তী ব্যৱস্থাৰ পৰিবৰ্তে দুখলপীয়া পঞ্চায়তী ব্যৱস্থা প্ৰবৰ্তন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

বংগৰ পঞ্চায়তী নি্ৰ্বাচন সম্পৰ্কত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অসমত নিৰ্বাচনৰ পিচত এনে হিংসাত্মক ঘটনা একেবাৰে বিৰল। যি ৰাজ্যত ৰবিন্দ্ৰ নাথৰ জন্ম হৈছিল , যি ৰাজ্যত সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল সেইবোৰ ঠাইত নিৰ্বাচনৰ নামত হোৱা এনে হিংসা দেখিলে বেয়া লাগে বুলিও কয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।