মঙলবাৰে হৰিদ্বাৰৰ গংগাত পদক বিসৰ্জনৰ সিদ্ধান্ত স্থগিত ৰাখিলে মল্লযুঁজাৰুসকলে

দেশজুৰি ইতিমধ্যে তোলপাৰ লগাই আছে ভাৰতীয় মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে ৷ মঙলবাৰে এই প্ৰতিবাদৰ অংশস্বৰূপে মল্লযুঁজাৰুসকলে বিয়লি ৬ বজাত হৰিদ্বাৰৰ গংগা নদীত তেওঁলোকৰ পদকসমূহ বিসৰ্জন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইতিমধ্যে আজি বিয়লি মল্লযুঁজাৰুসকলে পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰত উপস্থিত হৈছিল ৷

ইয়াৰ পিচতে মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰে কৃষক নেতা নৰেশ টিকাইতে ৷ কৃষক নেতাগৰাকীয়ে প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকক পদকসমূহ বিসৰ্জন নিদিবলৈ বুজনি দিয়ে ৷ ইয়াৰোপৰি কৃষক নেতাগৰাকীয়ে মল্লযুঁজাৰুসকলৰ পৰা 5 দিনৰ সময়সীমা বিচাৰে ।

উল্লেখযোগ্য যে, দেশৰ তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ পদকসমূহ বিসৰ্জন কৰিব বুলি কৰা ঘোষণাৰ পিচতেই হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কৈছিল যে, আৰক্ষীয়ে মল্লযোদ্ধাসকলক গংগাত তেওঁলোকৰ পদক বিসৰ্জন কৰা কৰাত বাধা প্ৰদান নকৰে ৷

ইতিপূৰ্বে প্ৰখ্যাত মল্লযোদ্ধা তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই তেওঁৰ টুইটাৰ একাউণ্টত অভিযুক্ত সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে গভীৰ হতাশা ব্যক্ত কৰে । মল্লযুঁজাৰুগৰাকীয়ে উল্লেখ কৰিছিল যে, তেওঁলোকৰ পদকসমূহ পবিত্ৰ গংগা নদীত বিসৰ্জন দিবলৈ বাধ্য কৰোৱা যেন অনুভৱ কৰিছে । কিয়নো তেওঁলোকৰ আন সকলো বিকল্প শেষ হৈ গৈছে । তেওঁলোকৰ প্ৰতিবাদ আৰু সম্ভাৱ্য আমৰণ অনশনৰ সতৰ্কবাণীৰ সত্ত্বেও সংশ্লিষ্ট সাংসদজনক তিলমানো টলাব পৰা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *