মঙলদৈত বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

মঙলদৈঃ মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ শোকাৱহ ঘটনা। বন্ধ কোঠাৰ ভিতৰত মাতৃ আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মৃতদেহ উদ্ধাৰ হোৱা মাতৃগৰাকীক ৭৫ বছৰীয়া দুৰ্গেশ্বৰী দেৱী আৰু পুত্ৰজনক ৫৫ বছৰীয়া বিৰাজ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাটো সংঘটিত হৈছে মঙলদৈৰ কৰিম চ’কত।

জানিব পৰা মতে, পুত্ৰ বিৰাজ শৰ্মাৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত স্থানীয় ৰাইজে জিলাখনৰ আৰক্ষী অধীক্ষকক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে দণ্ডাধীশ আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ মৃতহেদ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।