সৰভোগঃ বৰনগৰ প্ৰাক্তন সৈনিক সন্থা(সৰভোগ)ৰ উদ্যোগত আৰু বজালী জিলা সুৰক্ষা সমিতিৰ সহযোগত ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাৰ অন্তৰ্ভুক্তি তথা সৰভোগক উপ জিলাৰ সদৰ হিচাপে ঘোষণা কৰাৰ দাবীত বিশাল জনসভা।
বৰনগৰ প্ৰাক্তন সৈনিক সন্থা(সৰভোগ)ৰ উদ্যোগত আৰু বজালী জিলা সুৰক্ষা সমিতিৰ সহযোগত, ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাৰ অন্তৰ্ভুক্তি তথা সৰভোগক উপ জিলাৰ সদৰ হিচাপে ঘোষণা কৰাৰ দাবীত আজি আবেলি ৩ বজাত উত্তৰগনকগাড়ী কালী মন্দিৰ প্ৰাংগণত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়৷
অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভৱানন্দ পাঠক, বিশিষ্ট সমাজকৰ্মী কৌশিক শৰ্মা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থাৰ কংকন দাস, বৰনগৰ ব্ৰাহ্মণ সমাজৰ বিনোদ শৰ্মা, উত্তৰগনকগাড়ী শ্যামা পূজা সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বৰনগৰ সাহিত্য সভাৰ পৰা কাব্যনীল, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ কনিষ্ঠ পুত্ৰ অৰুণ শৰ্মা, সৰভোগ পৌৰসভা পৌৰপতি মালবিকা দাস, উপ-পৌৰপতি সম্পদ দাস, পতঞ্জলি যোগ সমিতিৰ ৰামেশ্বৰ মাহেশ্বৰী, বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক সমুদ্ৰ পাটগিৰি, অসম গণ পৰিষদৰ দীপক দাস, বজালী জিলা সুৰক্ষা সমিতিৰ উপদেষ্টা মুনিন্দ্ৰ গোস্বামী, বজালী জিলা সুৰক্ষা সমিতিৰ গিৰিশ চৌধুৰী(সৰভোগ), বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন আদি উপস্থিত থাকে৷