ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্যদল “সন্ধ্যাতৰা ভ্ৰাম্যমান নাট্যদল” ৰ আখৰা উদ্বোধ্বন

ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্যদল “সন্ধ্যাতৰা ভ্ৰাম্যমান নাট্যদল” ৰ নলবাৰীৰ বৰভাগৰ বাউসীউদয়পুৰ গাওঁত স্থায়ী আখৰা গৃহত নাট্যদলটিৰ পঞ্চম নাট্যবৰ্ষৰ আখৰা উদ্বোধ্বনী অনুস্থান অনুস্থিত কৰে।

উক্ত অনুস্থানত আখৰা গৃহৰ দ্বাৰ উন্মোচন কৰে নাট্যদলটিৰ মুখ্য পৃষ্ঠপোষক ভগিন্দ্ৰ কলিতাই, বন্তি প্ৰজলন কৰে বিশিষ্ট সমাজকৰ্মী ব্ৰিগেডিয়াৰ কমলেচ চন্দ্ৰ চৌধুৰীয়ে, নাৰিকল ভাঙি নাট আখৰা উন্মোচন কৰে সমাজৰত্ন ৰামধেনু বটা প্ৰাপ্ত তথা নাট্যদলটিৰ মুখ্য কাৰ্যবাহী পৃষ্ঠপোষক বিপিন তালুকদাৰে, লগতে
নাটকৰ পাণ্ডুলিপি উন্মোচন কৰে প্ৰদীপ শৰ্মাই।

উক্ত অনুস্থানত নাট্যদলটিৰ বহুতো শুভাকাংশীৰ উপস্থিতিত অনুস্থানটি সফল্যমন্দিত হয়।
নাট্যদলটিৰ প্ৰযোজক সমুদ্ৰ তালুকদাৰ আৰু সম্পাদক হিৰক দাসে জনোৱা মতে বিগত চাৰিটা বৰ্ষৰ অভূতপুৰ্ব সাফল্যৰ পিছত ২০২৩-২৪ চলিত পঞ্চম নাট্যবৰ্ষৰ অভিলাসী প্ৰযোজনাৰে নিবেদন কৰিব নাট্যকাৰ প্ৰদীপ শৰ্মাৰ ৰচনা আৰু বুবুল কলিতাৰ পৰিচালনাৰে “ৰুদ্ৰভীষ্ম”, আন এখন নাট নাট্যকাৰ প্ৰয়াত ভবেন বৰুৱাৰ “চিতাৰ জুই”।

নাট্যদলটিত অভিনয় কৰিব- দিপাংকৰ শৰ্মা, কুলেশ্বৰ ডেকা, দিগন্ত শৰ্মা, সমুদ্ৰ তালুকদাৰ, হিৰক দাস, মনোজ দাস, জয়ন্ত হালৈ, ধ্ৰুৱজ্যোতি পাপু, জয়ন্ত শৰ্মা, মানবেন্দ্ৰ তালুকদাৰ, প্ৰশান্ত ৰাজ, চুমি হালৈ, ৰুপালি, হিমাশ্ৰী, পুবালী ডেকা , আৰু প্ৰিতিৰেখাই। নাট্যদলটিৰ সংগীত ব্যবস্থাপনা- উমেশ বেজবৰুৱা আৰু সিমান্ত বেজবৰুৱাৰ।

উক্ত নাট্যদলটিৰ প্ৰযোজকে বিগত বৰ্ষকেইটাৰ দৰে চলিত বৰ্ষতও ৰাইজৰ সহাৰি বিচাৰিছে।