ভ্ৰাম্যমাণত জিলিকিছে অভিনেত্ৰী ভায়োলিনা বৰুৱা

এগৰাকী অভিনেত্ৰীৰ নাট্যযাত্ৰা অব্যাহত ! গ্লেমাৰ বা জনপ্ৰিয়তাক গুৰুত্বক নিদি নিজৰ প্ৰতিভাৰে অভিনয় জগতত আগুৱাই যাবলৈ চেষ্টা কৰা এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী ভায়োলিনা বৰুৱা ।

গোৱালপাৰা জিলাৰ দুধনৈ আগিয়াৰ পৰা বুকুত সাহস আৰু মনত নতুন আশা নতুন হেপাঁহেৰে ওলাই অহা অভিনেত্ৰী ভায়োলিনা বৰুৱাই চলিত নাট্যবৰ্ষত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰৰ নাট্যমঞ্চত জনপ্ৰিয় নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ দুখনকৈ নাট কেপ্টেইন অবিনাশ আৰু মুখাপিন্ধা দৰা লগতে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ খলনায়কৰ খং নামৰ এই তিনিখন ভিন্ন ধৰ্মী নাটৰ তিনিটা বিশেষ চৰিত্ৰত কৰা মনপৰশা অভিনয়ে চলিত নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ আৰম্ভণিতে নাট্যপ্ৰেমী ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে ।

সৰুৰে পৰাই নাচ-গান-অভিনয়ৰ প্ৰতি খুবেই আগ্ৰহী ভায়োলিনা বৰুৱাই উচ্চশিক্ষা লাভ কৰাৰ লগতে সাংবাদিকতাৰ শিক্ষা ও লাভ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা । প্ৰায় ৩ বছৰ বয়সৰ পৰা সাংস্কৃতিক দিশৰ সৈতে জড়িত ভায়োলিনা এগৰাকী কথক বিচাৰক, শাস্ত্ৰীয় নৃত্য শিল্পী লগতে এগৰাকী প্ৰতিভাৱান বিহু নৃত্য শিল্পী ।

অভিনেত্ৰী ভায়োলিনা বৰুৱাই অভিনয় জগতত প্ৰথম খোঁজ দিছিল জোনাক চেনেলৰ এখন ধাৰাবাহিক “ঢৌ জীৱনৰ” যোগেদি । তাৰ পৰৱৰ্তী সময়ত ৰং চেনেলৰ ধাৰাবাহিক সপোন, জোনাকী কাৰেং ইত্যাদিত অভিনয় কৰি ৰাজ্যিক বটাঁপ্ৰাপ্ত ছৱি ডঃ সান্তনা বৰদলৈৰ “মাজ ৰাতিৰ কেতেকী”ৰ লগতে কেইবাখনো অসমীয়া ছৱিত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল । আনহাতে, মহানগৰীৰ জিলা পুথিভঁৰাল তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত কেইবাখনো নাটকত অভিনয় কৰি ২০১৯-২০ নাট্যৱৰ্ষত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আশীৰ্বাদ থিয়েটাৰৰ যোগেদি প্ৰথম খোঁজ দিছিল ভ্ৰাম্যমাণ নাট্য জগতত । আশীৰ্বাদ থিয়েটাৰত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰি ভায়োলিনাৰ মনপৰশা অভিনয়ে নাট্যপ্ৰেমী ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছিল….৷ তাৰ পৰৱৰ্তী সময়ত উদয়ন থিয়েটাৰ, আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ভাগ্যদেৱী থিয়েটাৰত অভিনয় কৰিছিল প্ৰতিভাৱান অভিনেত্ৰী ভায়োলিনা বৰুৱাই ।।

🔵অংকুৰ কুমাৰ কলিতা