ভূপেন বৰাৰ লাভ জেহাদৰ মন্তব্যৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ

ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে বিৰোপ মন্তব্য কৰাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।

তেওঁ কয় যে ৰাজনৈতিক নেতা সকলৰ লগতে সমাজত উচ্চ স্থান পোৱা লোক সকলে সদায় নিজৰ ওজন বৰ্তাই ৰাখি কথা কব লাগে। কাৰণ তেনে ব‍্যক্তিৰ মন্তব্যই সমাজত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

ভূপেন বৰাই শ্ৰী কৃষ্ণক লৈ কৰা মন্তব্যৰ ফলত সমাজৰ এক শ্ৰেণীৰ মানুহৰ আবেগত আঘাট কৰিছে। এনে ধৰণৰ ঘটনাই সমাজত বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে। তেওঁ লগতে কয় যে ৰাজনীতি কৰিব বাবে কথা কব পৰা বহুত বিষয় আছে। তেওঁ ভগবান শ্ৰী কৃষ্ণৰ নাম লৈহে কিয় ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহিল! ভগবান শ্ৰীকৃষ্ণৰ জীৱন সাধাৰণ মানুহৰ বাবে আদৰ্শ স্বৰূপ। গতিকে তেনে এটা বিষয়ত মাত মতাৰ আগতে প্ৰতিজন ব‍্যক্তিয়ে ভালদৰে ভাবিব লগে ।