ভূত জলকীয়াৰ খেতিৰে বিখ্যাত হোৱা দীপ বৰুৱাই স্থাপন কৰিলে জেৰেঙা নাৰ্ছাৰী ৷
জিলা কৃষি বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰিলে জিলা আয়ুক্তই ৷
শিৱসাগৰঃ ভূত জলকীয়াৰ খেতি কৰি সমগ্ৰ অসমতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ মগৰাহাট অঞ্চলৰ উদ্যমী যুৱক দীপ বৰুৱাই স্থাপন কৰিছে এক বৃহৎ নাৰ্ছাৰী। শিৱসাগৰৰ নগৰৰ সমীপৰ ভটিয়াপাৰত বাইপাছ হাইৱেৰ কাষত স্থাপন কৰা এই নাৰ্ছাৰীখন মঙ্গলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে শিৱসাগৰ
জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ৷
নাৰ্ছাৰীখন মুকলি কৰি আয়ুক্তগৰাকীয়ে
নাৰ্চাৰীখন পৰিদৰ্শন কৰি দীপ বৰুৱাৰ কৰ্মনিষ্ঠা আৰু উদ্যমীতাৰ শলাগ লয়। জিলা আয়ুক্তগৰাকীৰ লগতে শিৱসাগৰ জিলা কৃষি বিষয়া আচিফ বৰাৰ উপৰিও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ প্ৰদীপ সন্দিকৈ, সহকাৰী সঞ্চালক অমৃত শইকীয়া, আমগুৰি মহকুমা কৃষি বিষয়া ৰুমী বৰাৰ লগতে বহুকেইগৰাকী বিভাগীয় কৰ্মচাৰী নাৰ্ছাৰীখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৷
জিলা কৃষি বিষয়া আচিফ বৰাই এই জেৰেঙা নাৰ্ছাৰীয়ে উন্নত মানদণ্ডৰ ফুলৰ পুলি, ফলৰ পুলি ৰাইজক যোগান দৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে।
প্ৰতিকূল বতৰকো নেওচি উদ্যমী যুৱক দীপ বৰুৱাই স্থাপন কৰা এই নাৰ্ছাৰীত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰকাৰৰ ফুল ফলৰ পুলি, অৰ্কিড, কৃষিকার্যত ব্যৱহৃত সা-সজুলি, সাৰ আদি উপলব্ধ হ’ব এই নাৰ্চাৰীত।
সমান্তৰালভাৱে এই নাৰ্ছাৰীখনত দীপ বৰুৱাই স্থাপন কৰিছে এক অনন্যসুন্দৰ ক’টেজ, য’ত গ্ৰাহকসকলে
চাব পৰাকৈ ৰখা হৈছে চহা গ্ৰাম্য জীৱনত ব্যৱহৃত অনেক সা-সজুলি, যাৰ জৰিয়তে কোনো পর্যটকে এই নাৰ্ছাৰীলৈ আহি অসমীয়া কৃষিজীৱী ৰাইজে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা এইসমূহ সম্পদৰ বিষয়ে জানিব পাৰিব। এই নাৰ্ছাৰীখনে আহিবলগীয়া সময়ত শিৱসাগৰ নগৰৰ লগতে অন্যান্য অঞ্চলৰ লোকসকলৰ চাহিদা পূৰ কৰিবলৈ সক্ষম হ’ব বুলি মত ব্যক্ত কৰিলে নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী দীপ বৰুৱাই ।