ভাৰত ‘এ’ দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে।

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। ভাৰতৰ ‘এ’ দলত অন্তর্ভুক্ত হ’ল অসম সন্তান ৰিয়ান পৰাগ। অসম কন্যা উমা চেত্রীয়ে ভাৰতীয় মহিলা দলত স্থান লাভ কৰাৰ পাছত এইবাৰ ৰিয়ান পৰাগে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হিচাবে খেলাৰ সুযোগ লাভ কৰিছে।

কলম্বোত ১৩ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এ চি চি পুৰুষৰ ইমার্জিং এছিয়া কাপৰ বাবে ঘোষিত ভাৰত ‘এ’ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান ৰিয়ানে৷

বি চি চি আইৰ দ্বাৰা ঘোষিত ভাৰত ‘এ’ দলটোক নেতৃত্ব প্ৰদান কৰিব যশ ধুলে। এই দলটোতেই স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগ।

ঘোষিত হোৱা ভাৰতীয় দলটো হ’ল: চাই সুদৰসন, অভিষেক শৰ্মা (VC), নিকিন জোছ, প্ৰদোষ ৰঞ্জন পল, যশ ধুল (C), ৰিয়ান পৰাগ, নিশান্ত সিন্ধু, প্ৰভচিমৰণ সিং (WK), ধ্ৰুৱ জুৰেল (WK), মানৱ সুথৰ, যুৱৰাজসিংহ দোদিয়া, হৰ্ষিত ৰাণা, আকাশ সিং, নীতিশ কুমাৰ ৰেড্ডী, ৰাজ হেংগাৰগেকাৰ।