ভাৰতে আমেৰিকাৰ সহযোগত চলাব মহাকাশ অভিযান

আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউ এছ প্ৰেছিডেণ্ট জ’ বাইডেনৰ সৈতে যৌথ ভাৱে সম্বোধন কৰা এক সংবাদ মেলত এই কথা জানিব দিয়ে যে ভাৰত আৰু আমেৰিকাই যৌথ ভাৱে ‘আৰ্টেমিছ’ চুক্তিৰ বাবে সন্মত হৈছে আৰু ই মহাকাশত দুয়ো দেশৰ পাৰস্পৰিক সহযোগিতাৰ এক নতুন যুগৰ সূচনা কৰিব।

এই চুক্তিৰ অৰ্থ হ’ল এখন দেশে আন এখন দেশক কেৱল যন্ত্ৰাংশৰে সহায় কৰাই নহয়, দুই দেশে তথ্য, প্ৰযুক্তি বিনিময় কৰাৰ উপৰিও চন্দ্ৰ অভিযানকে ধৰি আন অভিযানবোৰৰ সময়তো একেলগে কাম কৰিব।

এতিয়াৰে পৰা নাছাৰ সৈতে হাতত হাত মিলাই ইছৰোৱে চন্দ্ৰ অথবা মঙ্গল অভিযান চলাব। সেই পথ মুকলি কৰি দিলে এই চুক্তিয়ে। স্মৰ্তব্য ভাৰতৰ পূৰ্বে আৰু ২৩ খন দেশেও এই চুক্তি স্বাক্ষৰ কৰিছে।

আৰ্টেমিছ চুক্তিৰ আন এটা অংশ হৈছে আৰ্টিমিছ কৰ্মসূচী। যাৰ ভিতৰত আছে চন্দ্ৰলৈ মানৱ পঠিওৱাৰ কাৰ্যসূচী। কেৱল চন্দ্ৰলৈ মানৱ পঠিওৱাই নহয় চন্দ্ৰত ভবিষ্যতে বসতি স্থাপনৰো কথা ভাবিছে দুয়োখন দেশে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰত আৰু আমেৰিকাই যৌথভাৱে আৰ্থ অবজাৰভেশ্যন উপগ্ৰহ ‘নিছাৰ’ নিৰ্মাণৰ বাবে একেলগে কাম কৰিছিল । কিন্তু আৰ্টেমিছ চুক্তিৰ জৰিয়তে এই দুয়োখন দেশৰ মহাকাশ অভিযানৰ সম্বন্ধ আৰু অধিক কটকটীয়া হ’ল।