ডিজিটেল ডেক্সঃ শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রকাশ কৰা তথ্য অনুসৰি , ২০২২-২৩ বৰ্ষত দেশৰ মুঠ ঘৰুৱা সঞ্চয় জিডিপিৰ ৫.১শতাংশলৈ কমিছে । বিগত বৰ্ষত ঘৰুৱা সঞ্চয়ৰ পৰিমাণ আছিল ৭.২ শতাংশ। প্রতিবেদন অনুসৰি, ১৯৭৬-৭৭ চনৰ পৰা দেশৰ ঘৰুৱা সঞ্চয়ৰ হাৰ কেতিয়াও আজিৰ অনুপাতে ইমান নিম্নগামী হোৱা নাছিল ।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য মতে , যোৱা বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা সঞ্চয় জিডিপিৰ ৫.১শতাংশলৈ কমি আহিছে । যোৱা পাঁচ দশকৰ ভিতৰত এই হাৰ হ’ল সৰ্বনিম্ন।
বিত্ত মন্ত্ৰালয়ৰ একাংশ বিষয়াই এই সন্দৰ্ভত আশংকা ব্যক্ত কৰিছে যে, চলিত বিত্তীয় বৰ্ষত পৰিয়ালবোৰৰ মুঠ সঞ্চয় আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । ইফালে মোডী চৰকাৰৰ বিত্ত মন্ত্রালয়ে এই সন্দৰ্ভত চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি আহিছে । দেশৰ এই সঞ্চয় জিডিপিৰ ৪ শতাংশলৈ হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আনহাতে, দেশৰ ঘৰুৱা ঋণৰ বোজা জিডিপিৰ ৩৭.৬ শতাংশত উপনীত হৈছেহি। এইটো আগৰ বছৰতকৈ ৩৬.৯ শতাংশৰ বৃদ্ধি পাইছে। ঋণৰ বোজা এবছৰত ৫.৮ শতাংশ বৃদ্ধি পাইছে। স্বাধীনতাৰ পিছত কেৱল এবাৰহে পৰিয়ালটোৰ ঋণৰ বোজা ইমান দ্ৰুতগতিত বৃদ্ধি পাইছিল। সেয়া আছিল ২০০৬-০৭ চনত।
বিশেষজ্ঞসকলৰ মতে, এই পৰিসংখ্যাৰ অৰ্থ হৈছে পৰিয়ালবোৰৰ গড় সঞ্চয়ৰ পৰিমাণ কমিছে। ইয়াৰ বিপৰীতে বৃদ্ধি হৈছে অধিক ধাৰ লোৱা মানুহৰ সংখ্যা।
বিৰোধীয়ে এয়া মোডীৰ শাসনকালত সৃষ্টি হোৱা দেশৰ অৰ্থনীতিৰ দুৰৱস্থা বুলি অভিযোগ উণ্থাপন কৰিছে ।
কোভিডৰ পাছত কমিছে মানুহৰ উপাৰ্জন । সেয়েহে কমিছে সঞ্চয়ৰ পৰিমাণ । বিশেষকৈ মূল্যবৃদ্ধি আৰু ব্যয়ৰ চাপৰ বাবে বৃদ্ধি পাইছে ঋণৰ পৰিমাণ ।
বিত্ত মন্ত্ৰালয়ৰ মতে, বাস্তৱত যদি উপাৰ্জন বৃদ্ধি নহয়, সঞ্চয় আৰু ঋণ হ্ৰাস কৰি ব্যয় কৰাৰ প্ৰৱণতা অব্যাহত থাকিব দেশৰ সাধাৰণ জনতাৰ মাজত।
বিত্ত মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, “দেশৰ প্ৰায় ৪০ কোটি পৰিয়ালক প্ৰায় তিনিটা গোটত বিভক্ত কৰিব পাৰি। ধনী, দৰিদ্ৰ আৰু মধ্যবিত্ত। দৰিদ্ৰলোক সকলে উপাৰ্জনৰ ৯০% ধন ব্যয় কৰে । ইফালে ধনীসকলে তেওঁলোকৰ উপাৰ্জনৰ যথেষ্ট সংখ্যক ধন ৰাহি কৰে যদিও আমাৰ দেশত ধনী লোকৰ সংখ্যা যথেষ্ট কম। দেশৰ মুঠ সঞ্চয়লৈ সৰ্বাধিক অৰিহণা আগবঢ়াই মধ্যবিত্ত পৰিয়ালবোৰে । মধ্যবিত্ত শ্ৰেণীয়ে উপাৰ্জনৰ ৩০ ৰ পৰা ৫০ শতাংশ ৰাহি কৰিবলৈ যত্ন কৰে। একে সময়তে, মধ্যবিত্ত পৰিয়াল সমূহে ইলেক্ট্ৰনিক সামগ্ৰী, ঘৰ, গাড়ী, কম্পিউটাৰ, লেপটপ, স্মাৰ্টফোন, এয়াৰ-কণ্ডিচনাৰ আদি ক্ৰয় কৰিবলৈও ধন ৰাহি কৰে। দেশত ঘৰুৱা সঞ্চয়ৰ এটা অংশ ঘৰ, গাড়ী বা ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাত ব্যয় কৰা হৈছে। কিন্তু ইয়াক বাদ দিলেও, কমিছে দেশৰ ঘৰুৱা সঞ্চয় । পৰিয়ালবোৰৰ মাজত সঞ্চয়ৰ হাৰ কমিছে আৰু পৰিয়ালবোৰে ধাৰ লৈ ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰি আছে। এই প্ৰৱণতা অব্যাহত থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও কোভিডৰ পাছত পৰিয়ালবোৰৰ উপাৰ্জনত ব্যাপক প্ৰভাব পৰিছে । পৰৱৰ্তী বিত্তীয় বৰ্ষতো দেশৰ সঞ্চয়ৰ হাৰ ৪ শতাংশলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ২০২১-২২ বৰ্ষত পৰিয়ালৰ মুঠ সঞ্চয় আছিল ১৬.৯৬ লাখ কোটি টকা। ২০২২-২৩ বৰ্ষত, সঞ্চয়ৰ পৰিমাণ ১৩.৭৬ লাখ কোটি টকালৈ হ্ৰাস পাইছে ।