বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং ভাণ্ডাৰা আৰু জামদহা সংযোগী দলংখনে জ্বলা – কলা খুৱাইছে সাধাৰণ পথচাৰীৰ লগতে স্থানীয় ৰাইজক।
দীৰ্ঘদিন ধৰি দলংখনৰ এপ্ৰোচ নিৰ্মাণ নকৰাত দলংখন পৰিত্যক্ত অৱস্থাত আছে। যাৰবাবে স্থানীয় ৰাইজে কাষেৰে বাহঁৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে যদিওঁ সেয়া বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে। যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।
পৰিত্যক্ত অৱস্থাত থকা দলংখন মেৰামতি কৰিবলৈ বাৰে বাৰে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে নিৰ্মাণ হৈ নুঠিল। বিধায়ক – সাংসদৰ অকৰ্মণ্যতাৰ বাবেই প্ৰতিবছৰে গাঠিৰ ধন খৰছ কৰি বাহঁৰ দলং নিৰ্মাণ কৰি ৰাইজে যাতায়ত কৰিবলগীয়া হয়।
সম্প্ৰতি বাৰিষাৰ সময়ত স্থানীয় লোক শংকিত হৈ পৰিছে। দলঙখনৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যহত হৈ পৰিব। শীঘ্ৰেই জিলা প্ৰশাসন বা চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে স্থানীয় ৰাইজে।