দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ দামোদৰধামৰ পকীদলং৷ ভগ্ন দলং দেখি অহাবাটেই উভতিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা৷
বাহাৰঘাটঃ মনকৰিবলগীয়া যে ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথৰ দামোদৰধামত থকা পকীদলং খন দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে৷ বিভিন্ন সংবাদ মাধ্যমত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ পিচত লোকনিৰ্মান বিভাগে দলংখনত পথবন্ধৰ ফলক লগাই দায়িত্ব সাৰিছে৷ আজি উক্ত পথৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটি কাৰ্য্যসূচীলৈ আহি উভতি যাৱ লগা হোৱাত ৰাইজে মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰিলে চাৰ দলংখন কেতিয়া হব৷
অবেশ্যই মন্ত্ৰী গৰাকীয়ে কেনেকৈ ভাঙিল কেতিয়া ভাঙিল আদি ৰাইজৰ পৰা জানিব বিছাৰিলে যদিও ৰাইজে এবাৰ নামি চাই যাৱলৈ অনুৰোধ কৰাতো নামি চোৱাৰ পৰা বিৰত থাকিল৷
এখন বজাৰৰ লগতে অত্যান্ত ব্যস্ত পথটোৰ দলংখনে ৰাইজক বাৰুকৈয়ে যন্ত্ৰণা ভোগাই আহিছে৷৷ লসেইয়ে হে আজি স্থানীয় দামোদৰধাম বজাৰ ব্যৱসায়ী সন্থাই দলংখন সম্পৰ্কে এটি প্ৰতিবাদী কাৰ্য্যসূচীৰো আয়োজন কৰিছিল৷