ৰঙিয়া নগৰৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা বিধ্বস্ত কাঠৰ দলঙৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । বৰলীয়া নৈৰ ওপৰত থকা এই দলংখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে ।
লোকনিৰ্মাণ বিভাগে পথ বন্ধ বুলি এখন ফলক আঁৰিয়ে দায়িত্ব সামৰিছে । এই জৰাজীৰ্ণ দলংখনেৰে অতি বিপজ্জনক ভাৱে ৰাইজে যাতায়ত কৰি আহিছে । যাৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে ।
ৰঙিয়া নগৰৰ এই ব্যস্ত অৰ্ধ সাপ্তাহিক বজাৰলৈ সহস্ৰাধিক গ্ৰাহকে এনেদৰে মৰণক শৰণ কৰি অহা-যোৱা কৰে । ৰাইজে দীৰ্ঘদিনৰ পৰা ইয়াত এখন দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও লোকনিৰ্মাণ বিভাগে এতিয়ালৈ কোনো গুৰুত্ব দিয়া নাই ।