বৰভাগ মহাবিদ্যালয়ত শিক্ষাগুৰু আৰু কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন

বৰভাগ মহাবিদ্যালয়ত শিক্ষাগুৰু আৰু কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন।

নলবাৰী জিলাৰ বৰভাগৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু বৰভাগ মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি শিক্ষাগুৰু আৰু কৃতী ছাত্র-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰা হয়।

মহাবিদ্যালয়খনৰ অধ্যাপক ডঃ বিপুল কলিতাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যি শৈক্ষিক দিশৰ ওপৰত প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডঃ বীৰেন্দ্ৰ ডেকা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ বিৰিঞ্চি চৌধুৰী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ ডেকা। বনভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ যোগেন কলিতা, অধ্যাপক ধনেশ্বৰ বৈশ্য , অধ্যাপক মহান্দ পাঠক, অৱসৰী অধ্যাপক কনক চন্দ্ৰ লহকৰ, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি ভূপেন চন্দ্ৰ তালুকদাৰ, মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নিবেদিতা গোস্বামী আদি কেইবাগৰাকী ব্যক্তিয়ে।

সম্বৰ্ধনা গ্ৰহণ কৰি কেইবাগৰাকী ছাত্ৰ‌ই মনৰ ভাৱ ব্যক্ত কৰে।

অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ ডেকাই।

উল্লেখ্য যে উক্ত অনুষ্ঠানতে ছাত্র সন্মিলনৰ সভাপতি ভূপেন চন্দ্ৰ তালুকদাৰে মহাবিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ৯০ শতাংশ লাভ কৰা ছাত্র-ছাত্ৰীক ১০ হাজাৰ টকাকৈ প্ৰদান কৰে।

উল্লেখ্য যে মহাবিদ্যালয়খনৰ পৰা এই বেলি কলা শাখাৰ পৰা ২৮ গৰাকীয়ে প্ৰথম বিভাত উত্তীৰ্ণ হয় ইয়াৰে ৭ গৰাকীয়ে ষ্টাৰ আৰু ২ গৰাকীয়ে ডিষ্টিংছন লাভ কৰে আৰু বিজ্ঞান শাখত ১৪ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ইয়াৰে ৩ গৰাকীয়ে ষ্টাৰ লাভ কৰে। মুঠ ৪২ গৰাকী ছাত্র-ছাত্ৰীক অভিনন্দন জনোৱা হয়।