বৰভাগ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টত ইতিহাস সৃষ্টি
মহাবিদ্যালয় পৰিয়ালৰ আনন্দৰ বন্যা।
মংগলবাৰে প্ৰদান কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰিজাল্টত বৰভাগ মহাবিদ্যালয়ে ইতিহাস সৃষ্টি কৰে।
মুঠ 42 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৃহত্তৰ বৰভাগ অঞ্চলতোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
1964 স্থাপিত মহাবিদ্যালয় খনত ইমান সংখ্যক শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ইতিহাস সৃষ্টি কৰিলে।
কলা শাখাত 28 জন আৰু বিজ্ঞান শাখাত 14 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
কলা শাখাৰ আটাই কেইটা বিভাগতে লেটাৰ মাৰ্ক পায়। মুঠ 65 জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি চৌধুৰীয়ে ভাল ৰিজাল্টৰ বাবে শিক্ষক সকলক কৃতিত্ব দিয়ে।
উৎফুল্লিত অধ্যক্ষই লেটাৰ মাৰ্ক পোৱা বিভাগৰ অধ্যাপক সকলক সম্বৰ্ধনা জনায় ।
বিজ্ঞানগুৰু, কলাগুৰুৱে আৰু স্থানীয় ৰাইজে এনে কৃতিত্বৰ বাবে অধ্যক্ষৰ সমৰ্পিত মনোভাব তথা বিদ্যায়তনিক সংস্কাৰৰ বাবেই এনে ৰিজাল্ট হোৱা বুলি মন্তব্য কৰে।