বাহাৰঘাটঃ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰছাত্ৰীক জনালে বিশেষ অভিনন্দন৷
দেওবাৰে নলবাৰী জিলাৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যই এখন বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
দিনৰ বাৰ বজাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহ সদস্য নয়নজ্যোতি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় কুমাৰ ডেকাই৷
সভাত আমন্ত্ৰিত অতিথি হিচাবে বৰভাগ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড°বিপূল কলিতা উপস্থিত থাকি ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি সৱলীল বক্তব্য দিয়ে৷ অভিনন্দন অনুষ্ঠানৰ আঁতধৰে অসম সেনাৰ নলবাৰী জিলা সমিতিৰ তথ্য প্ৰচাৰ সম্পাদক পংকজ কুমাৰ কলিতাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৌশিক ভৰদ্বাজে৷ আনহাতে সভাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সমৰজ্যোতি মহন্ত, সহঃসাধৰন সম্পাদক গৌতম বেজবৰুৱা, অসম সেনাৰ কেন্দ্ৰীয় সদস্য হিমজ্যোতি ভূঞাঁ, অসম উন্নতি সভাৰ দীনেশ কলিতা, মিন্টু কলিতাকে ধৰি কেইবাজনো আছুৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷ উক্ত সভাত শতাধিক কৃতি শিক্ষাৰ্থীক অভিনন্দন জনাই৷