বৰভাগৰ কমাৰকুছিত আৱাহন থিয়েটাৰৰ কালীন টিকট, অস্থায়ী কাৰ্য়্যালয় আৰু তোৰণ উদ্বোধন৷

বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণ মৰ্মে অহা ৭, ৮ আৰু ৯ অক্টোবৰত কমাৰকুছিত তিনিদিনৰ বাবে নাট মঞ্চস্থ কৰিব ভ্ৰাম্যমাণ আৱাহন থিয়েটাৰে৷
দেওবাৰে সন্ধিয়া অস্থায়ী কাৰ্য্যালয় উদ্বোধন কৰে গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি হৰিপ্ৰসাদ মজুমদাৰে৷

উদ্বোধনৰ দিনাই টিকট ক্ৰয়ৰ বাবে ৰাইজৰ হেতাওপৰা, অজস্ৰ জনে সংগ্ৰহ কৰিলে আগতীয়া টিকট৷
যোৱা ২০১৮ চনত প্ৰতিষ্ঠা হোৱা বৰভাগ সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতিষ্ঠা কালৰে পৰা আমন্ত্ৰণ জনাই আহিছে ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল৷৷
ইতিমধ্যে থিয়েটাৰ পৰিচালনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে থিয়েটাৰ পৰিচালনা সমিতিয়ে৷