বৰভাগত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা ।

বৰভাগত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা ।

চাৰিদিনৰ ভিতৰত পাগলাদিয়া নদীৰ মথাউৰিত সৃষ্টি হোৱা গড়াখহনীয়া প্ৰতিৰোধ কৰাৰ নিৰ্দেশ ।

অচিৰেই আৰম্ভ হ’ব দুসুতিমুখৰ শ্লুইচ গেটৰ নিৰ্মাণকাৰ্য্য ।

জলসম্পদ বিভাগে ল’ব শ্লুইচ গেট নিৰ্মাণৰ দায়িত্ব।

অৱশেষত বৰভাগবাসীৰ দাবীৰ প্ৰতি সঁ‌হাৰি জনাই বৰভাগত উপস্থিত হ’ল জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা।

মন্ত্ৰী গৰাকীয়ে বৰভাগক জুৰুলা কৰা পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰে।

প্ৰথমতে কমাৰকুছিত পাগলাদিয়া নদীৰ মথাউৰিত সৃষ্টি হোৱা মথাউৰিৰ গড়াখহনীয়া প্ৰত্যক্ষ কৰে মন্ত্ৰী গৰাকীয়ে।

গড়াখহনীয়া প্ৰত্যক্ষ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই চাৰি দিনৰ ভিতৰত মথাউৰিত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক।

ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে দোকোহাৰ দুসুতিমুখত প্ৰস্তাৱিত শ্লুইচ গেটৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰে।

বোঁ‌কা-পানী গচকি বান প্ৰতিৰোধ সম্বন্ধে বুজ লয় বিভাগীয় কৰ্তৃপক্ষৰ পৰা।

নিৰ্মাণ থলী পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে অতি সোনকালে শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে দুবছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য্য সম্পন্ন হ’ব বুলি মন্তব্য কৰে।

আনহাতে মন্ত্ৰী গৰাকীয়ে বৰকুৰিহাৰ মথাউৰিতো গড়াখহনীয়া প্ৰত্যক্ষ কৰে।