বৰপেটাৰোড সাতবইনীৰটুপত নতুনকৈ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত বিদ্যালয়ৰ খুটা উদ্বোধন
সৰভোগঃ অসম চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । কিন্তু পিছ পৰি থকা নাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো।
বৰপেটাৰোড বিদ্যাপাৰাৰ পশ্চিম ফালে আৰু ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ এক কিলোমিটাৰ দূৰত্বৰ উত্তৰ ফালে সাতবইনীৰটুপত ছয়জন যুৱক আব্দুল ছালাম, মাহমুদুল হাছান, ছাদ্দাম হুছেইন, হাফিজুৰ ৰহমান, নাছিৰুদ্দিন আৰু আয়নাল হকৰ নেতৃত্বত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ আল-হিদায়াহ ক্ৰিয়েটিভ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে খুটা উদ্বোধন কৰা হয়।
ইছলামিক নীতি-আদৰ্শ মাধ্যমে স্থানীয় ৰাইজৰ তৎপৰতাত খুটা উদ্বোধন কৰি মুনাজাত কৰে ।
ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমত গুণগত মানদণ্ডৰে শিক্ষা প্ৰদানৰ লগতে ইছলামিক এৰাবিক শিক্ষা লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।
উল্লেখ্য যে বিদ্যালয়খনত দহগৰাকী দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। ইপিনে ছাত্ৰ-ছাত্ৰীসকলে খেল ধেমালি কৰিব পাৰিব আৰু দুৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেলৰো ব্যৱস্থা থাকিব বুলি জানিব দিয়ে ।