বৰপেটাৰোড বালাভিঠাত আমছুৰ বিশাল প্ৰতিবাদী জনসভা অনুস্থিত হৈ যায়।
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বালাভিটা আঞ্চলিক সমিতিৰ সহযোগত অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বালাভিঠাত এই বিশাল জনসভাৰ আয়োজন কৰা হৈছিল।
বিশাল প্ৰতিবাদী জনসভাত উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাদুল ইছলাম আৰু ইন্তিয়াচ হুছেইন বৰপেটা জিলাৰ আমছুৰ সভাপতি আব্দুল জুব্বাৰ আমছুৰ প্ৰাক্তন নেতা মনিৰুজ জামান কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে ৰাজ্যিক পৰ্য্যায়ৰ আমছুৰ বিষয়ববীয়া সকলে উপস্থিত থাকে।
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ বিৰুদ্ধে সমষ্টিৰ কৰ্তনৰ বিৰুদ্ধে সৰৱ আমছু। খচৰা সন্দৰ্ভত সদৌ অসম ছাত্ৰ ইউনিয়ন আমছুয়ে কেতিয়াও সমৰ্থন নকৰে।
এটা পিছত এটা ধাৰাবাহিক আন্দোলন কৰি থাকিব আমছুয়ে।
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে আমছুয়ে উঠা বহা নকৰে । বিৰোধী দলৰ কিছু নেতাই শাসকীয় দলৰ লগত পৰকীয়া মিতিৰালি আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগে বিজেপিৰ মতে কাম কৰে।
দেশৰ নিৰ্বাচন আয়োগে অহা বিছ তাৰিখে অসমলৈ অহাৰ আগতে অহা বাৰ তাৰিখে গুৱাহাটীত বিশাল প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব আমছুয়ে।
আমছুৰ মতে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অশোক সিংঘালৰ ঘৰত সমষ্টি সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে।