বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ

সৰভোগঃ সৰভোগ স্থিত বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আজি প্রথম দিনত ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনত।

সৰভোগৰ ঐতিয্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ত পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্তীয়ে আৰু হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ কুমাৰ দাসে৷ লগতে বৰনগৰ অঞ্চলৰ ৬০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা হীৰক জয়ন্তীৰ ৬০ খন পতাকা উত্তোলন কৰে ৷

ৰাতিপুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদে। তাৰ পাছতে বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই প্ৰতিষ্ঠাপক অধ্যক্ষৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে আৰু পুৱা ১০ বজাত গছপুলি ৰোপণ কৰে ।

পুৱা ১১:০০ বজাত সাংস্কৃতিক৬৪ শোভাযাত্ৰা উদ্বোধন কৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যাক্ষ প্ৰকাশ শৰ্মা আৰু মহাবিদ্যালয়খনত বিভিন্ন প্ৰদৰ্শন অভিনয়ৰে যাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰীৰ লগতে বৰনগৰবাসী ৰাইজে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।