বৰক্ষেত্ৰী সমষ্টিৰ মৰোৱাত মহা জনসম্পৰ্ক অভিযান

বৰক্ষেত্ৰী সমষ্টিৰ মৰোৱাত মহা জনসম্পৰ্ক অভিযান৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ন-বছৰীয়া কাৰ্য্যকালৰ লগত সংগতি ৰাখি জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ লগত মত বিনিময় অনুষ্ঠান৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মৰোৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ন-বছৰীয়া কাৰ্য্যকালৰ লগত সংগতি ৰাখি মহা জন সম্পৰ্ক অভিযানৰ অংশ হিচাবে জ্যেষ্ঠ বিজেপি কাৰ্য্যকৰ্তাৰ লগত মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

তদুপলক্ষে আবেলি নলবাৰী জিলা বিজেপিৰ সভাপতি ডা° মৃগাংক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানত কেইবাজনো জ্যেষ্ঠ বিজেপিৰ কাৰ্য্যকৰ্তাই পূৰ্বতে দলটিৰ মাজৰ খুটিনাটিৰ বিষয়ে উল্লেখ কৰি কয় যে দলীয় কৰ্মীৰ ব্যৱহাৰে যাতে নেতাৰ ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰবৰ্তী সাংগাঠনিক কামকাজ কৰাৰ আহ্বান জনাই৷

অনুষ্ঠানত জি এম ডিৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই জ্যেষ্ঠ কাৰ্য্যকৰ্তা সকলক উদ্দেশ্য কৰি কয় যে আপোনালোকে মই কৰা ভূলবোৰ কোনো সংকা নোহোৱাকৈ কৈ দিয়ক৷ সেইটো মোৰ বাবে আশীৰ্বাদ স্বৰূপ হৱ৷ ইতিমধ্যে আপোনালোকে মোক পূৰ্বতে যথেষ্ট আশীৰ্বাদ দিছে৷

অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ সাংগাঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাই বিজেপি দলৰ কামকাজৰ ক্ষতিৰ লগতে হোৱা ভূলক্ৰুতিৰ বিষয়ে বক্তব্য দিয়ে I অনুষ্ঠানত বৰভাগ মণ্ডল বিজেপিৰ সভাপতি দীনবন্ধু তালুকদাৰ,বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি মোহন কলিতা ও মঞ্চত উপবিষ্ট থাকে৷ আতধৰে নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাই৷ বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য লক্ষী কলিতাৰ তত্বাবাধনত আৰু কেইজনমান দলীয় কাৰ্য্যকৰ্তাৰ সহযোগত আয়োজিত অনুষ্ঠানত পাচ শতাধিক জ্যেষ্ঠ কনিষ্ঠ দলীয় কাৰ্য্যকৰ্তা উপস্থিত থাকে৷