বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগত মহা জনসম্পৰ্ক অভিযান৷
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ন-বছৰীয়া কাৰ্য্যকালৰ লগত সংগতি ৰাখি জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ লগত মত বিনিময় অনুষ্ঠান৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগ মণ্ডল বিজেপিৰ এটি দলে বিজেপিৰ একাংশ জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ কামকাজৰ বিষয়ে পৰ্যালোচনা কৰে৷ উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ন-বছৰীয়া কাৰ্য্যকাল সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি উক্ত মহা জনসম্পৰ্কৰক্ষা কাৰ্য্যসূচী অংশ হিচাপে বিজেপি কাৰ্য্যকৰ্তা সকলে জ্যেষ্ঠ কাৰ্য্যকৰ্তাৰ লগত মতবিনিময় কৰে৷ প্ৰতিকুল বতৰকো নেওচি অব্যাহত ৰখা উক্ত মতবিনিময় অনুষ্ঠানে বিজেপিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা সকল সন্তুষ্ট হোৱা বুলি সংবাদ মাধ্যমক অৱগত কৰাই ৷