বৰক্ষেত্ৰীৰ ৰামপুৰত যোগ শিৱিৰ আৰু প্ৰাকৃতিক চিকিৎসা

বৰক্ষেত্ৰীৰ ৰামপুৰত যোগ শিৱিৰ আৰু প্ৰাকৃতিক চিকিৎসা

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত দেওবাৰে বিয়লি যোগ শিবিৰ আৰু প্ৰাকৃতিক চিকিৎসা শীৰ্ষক এটি অনুষ্ঠান এটি সম্পন্ন হৈ যায় । ৰামপুৰ বজাৰ কমিটিৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত যোগ শিৱিৰত উপস্থিত থাকি শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ শিক্ষাৰ্থী তথা প্ৰশাসনিক বিদ্যালয়ৰ যোগ শিক্ষক দিব্যজ্যোতি ডেকা আৰু স্বৰূপজ্যোতি ডেকাই যোগ অনুশীলন আৰু শৰীৰৰ বিভিন্ন ৰোগত প্ৰাকৃতিক চিকিৎসা সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰাৰ লগতে যোগ আৰু প্ৰাণায়াম অনুশীলন কৰে ।

ৰামপুৰ গোপাল থান প্ৰাঙ্গণত অনুষ্ঠিত যোগ শিৱিৰ আৰু প্ৰাকৃতিক চিকিৎসা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জগদাচৰণ তালুকদাৰে আৰু বন্তি প্ৰজ্বালন কৰে অনাতাঁৰ শিল্পী তথা বিশিষ্ট সমাজকৰ্মী গোলক নাথে। ৰামপুৰৰ সচেতন যুৱক যুগল গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত ৰামপুৰ বজাৰ কমিটিৰ উপদেষ্টা ছহিদ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পিয়াৰ আলী , জ্যেষ্ঠ নাগৰিক উদয় ৰাজবংশী, সমাজকৰ্মী অৰূপ কুমাৰ ডেকা, তৰণী দাসকে আদি কৰি দৌলাশাল, গোৰাক্ষাট্টাৰী, বামুণবড়ী, লছিমা আদি গাঁৱৰ দুকুৰি পুৰুষ- মহিলাই যোগ অনুশীলনত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানটোত বৰক্ষেত্ৰী পতঞ্জলি যোগ সমিতিৰ সভাপতি বিপুল গোস্বামী, সম্পাদক মনোৰঞ্জন বৈশ্য, সহকাৰী সম্পাদক তৰণী বৰ্মনৰ লগতে কেইবাগৰাকী সদস্য উপস্থিত থাকি যোগ অনুশীলনত অংশগ্ৰহণ কৰে।

অতিথি হিচাপে বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰত্নেশ্বৰ নাথ উপস্থিত থাকে। ৰামপুৰ বজাৰ কমিটিৰ তৰফৰ পৰা কেইবাগৰাকীও বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে বজাৰ কমিটিৰ সভাপতি কল্প তালুকদাৰ আৰু সম্পাদক আনোৱাৰ হুছেইনে। ৰামপুৰ বজাৰ কমিটিৰ এই প্ৰয়াসক সচেতন মহলে শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *