বোকাত পদুম ফুলে।

একাগ্ৰতা আৰু আত্মবিশ্বাস থাকিলে দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হৱ নোৱাৰে তাকে প্ৰমান কৰি দেখুৱালে লখিমপুৰ জিলাৰ ফুলবাৰী ৰংপুৰীয়া গাঁৱৰ দিব্যজ্যোতি বৰাই।

বিভিন্ন অনুষ্ঠানত বাহী বজায় দিব্যই ।
সৰুৰে পৰাই বাঁহী প্ৰতি আগ্ৰহ থকা দিব্যজোতিয়ে আজি ঘোষণা কৰা উচ্ছত্বৰ মাধ্যমিকৰ চূৰান্ত বৰ্ষৰ পৰীক্ষাত ৪টা লেটাৰ লৈ মুঠ ৪০৮ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ন হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

দিব্যৰ দেউতাক কৰ্ম সুত্ৰে থাকে চুবুৰীয়া ৰাজ্য অৰুনাচলত।

অতি দৰিদ্ৰ পৰিয়ালৰ দিব্যৰ সপোন এজন সুন্দৰ বাঁহী বাদক হোৱাৰ।

তাৰোপৰি প্ৰশাসনিক দিশৰ প্ৰতিও আগ্ৰহ দিব্যজ্যোতি।

দিব্যজ্যোতিৰ সাফল্যত উৎফুল্লিত এটিয়া পিতৃ মাতৃ।