বেলশৰৰ শ্বহীদ স্মৃতি কনিষ্ঠ মহাবিদ্যালয়ক স্ব স্থানৰ পৰা আঁতৰাই এখন উচ্চ মাধ্যমিক বিদ্যালয়ত একত্ৰীকৰণ। জাঙুৰ খাই উঠিল ৰাইজ। ৰাইজৰ প্ৰতিবাদী সভা। কোনো কাৰণতে মানি নলয় চৰকাৰৰ এই সিদ্ধান্ত।
নলবাৰী জিলাৰ বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ সমীপত অৱস্থিত আৰু শ্বহীদসকলৰ স্মৃতিত স্থাপিত ঐতিহ্যমণ্ডিত উচ্চশিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান শ্বহীদ স্মৃতি কনিষ্ঠ মহাবিদ্যালয়ক স্ব স্থানৰ পৰা আঁতৰাই অন্য বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিব বিচৰা চৰকাৰী নিৰ্দেশৰ বিৰোধিতা কৰি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ৰাজহুৱা সভা।
ইয়াৰ প্ৰতিবাদত ওলাই আহিল ৰাইজ ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত প্ৰয়োজনীয় অৰ্হতা থকা সত্বেও মহাবিদ্যালয়খনক স্ব-স্থানৰ পৰা আঁতৰাই অন্য বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি যি নিৰ্দেশ প্ৰেৰণ কৰিছে সেই বিষয়ে যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিৰ সিদ্ধান্তমৰ্মে এই ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় বুলি সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ৷
লগতে চৰকাৰৰ এই সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহ’ব বুলিও জানিব দিছে ৷ বৰ্তমান প্ৰায় পাঁচশতাধিক ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত মহাবিদ্যালয়খনৰ পূৰ্বৰ মৰ্যদা বাহাল ৰখাৰ দাবী জনাই বিভাগীয় কৰ্তৃপক্ষক আজি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে ।
ৰাজহুৱা সভাত বিশিষ্ট সমাজকৰ্মী লক্ষী পাটোৱাৰী, গিৰীন্দ্ৰ নাথ ডেকা, ৰজনীকান্ত মেধি, অনন্ত বৰ্মন, বৈকুণ্ঠ বৰ্মনকে আদি কৰি বেলশৰ গাঁও উন্নয়ন সমিতি, বেলশৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতি, মিলন শিল্পী সংঘ, বেলশৰ ক্ৰীড়া সংঘ, মহিলা মৰ্চা, বেলশৰ সচেতন জ্যেষ্ঠ নাগৰিক সন্থা, বেলশৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ বিভিন্ন বিষয়ববীয়া তথা সদস্যসকলৰ লগতে অন্যান্য প্ৰায় শতাধিক লোক উপস্থিত থাকে।