বিহুৰ পিছত এইবাৰ বাগুৰুমবা বিশ্ব ৰেকৰ্ডৰ দিশে

বিহুৰ পিছত এইবাৰ বাগুৰুমবা বিশ্ব ৰেকৰ্ডৰ দিশে । এই কথা জনালে বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়োৱে । ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে উপস্থিত ৰাইজক উদ্দেশ‍্যি কয় যে ইতিমধ্যে বাগুৰুমবা ক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিবলৈ পৰিকল্পনা গ্ৰহণ কৰা হৈছে । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিটিআৰৰ প্ৰমুখ গৰাকীয়ে এই বিষয়ত আলোচনাত মিলিত হয় বুলি জানিবলৈ দিয়ে । আনহাতে একেখন সভাতেই তেওঁ বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ বাবে বিটাআৰ প্ৰশাসনৰ তৰফৰ পৰা পঞ্চাশ লাখ টকা ঘোষণা কৰে । সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত নেতা গৰাকীয়ে হাগ্ৰামা মহিলাৰী সম্পৰ্কে মন্তব্য কৰি কয় যে ৰাইজে তেওঁক তিনিটা কাৰ্যকাল শাসনৰ বাবে সুযোগ দিছে । ইমান দিনে তেওঁ বিটিআৰৰ হকে কি কৰিলে সেয়া ৰাইজে ভালদৰেই জানে । সময় থাকোতেই নিজৰ নেতৃত্বৰ প্ৰমাণ দিব নোৱাৰি এতিয়া হাগ্ৰামা মহিলাৰীয়ে পদব্ৰজে বিটিআৰৰ প্ৰতিগৰাকী লোকক লগ ধৰিলেও ৰাইজে তেওঁক পুনৰ বিশ্বাসত নলয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *