দেওবাৰে সন্ধিয়া বিহাৰৰ ভাগলপুৰত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। গংগা নদীত নির্মীয়মাণ এখন দলঙৰ একাংশ ভাঙি নদী পৰি যায়। ৰাজ্যখনৰ খগড়িয়াক ভাগলপুৰৰ সৈতে সংযোগ কৰিবলৈ নিৰ্মাণ কৰি থকা এই দলংখন হঠাতে ভাঙি যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।
তথ্য অনুসৰি, এবছৰ আগতেও দলংখনৰ কিছু অংশ ধুমুহাৰ বাবে ভাঙি গৈছিল। চুলতানগঞ্জ আৰু খগড়িয়াৰ মাজত নিৰ্মাণ হৈ থকা এই দলংখন ভাগি পৰাৰ বাবে অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ২০১৪ চনত এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল নীতিশ কুমাৰে।
চিংলা এণ্ড চিংলা কোম্পানীয়ে দলংখন নিৰ্মাণ কৰি আছিল। বিহাৰৰ ভাগলপুৰ জিলাৰ গংগা নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ নিৰ্মাণৰ বাবে মুঠ খৰচ নিৰ্ধাৰণ কৰা হৈছিল ১৭৫০ কোটি টকা।