বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷
গৰম বন্ধত ছাত্ৰছাত্ৰী সকলক ব্যস্ত ৰাখিবলৈ অনুষ্ঠিত কৰিছে গুৰুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্য কৰ্মশালা ৷
ছাত্ৰছাত্ৰী সকলক প্ৰশিক্ষক ক্ষীৰোদ বৰা আৰু যাদৱ শইকীয়াই , মাটি আখৰা, নাদুভংগী, কৃষ্ণনৃত্য আৰু দশাৱতাৰ নিত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷
বিদ্যালয়ৰ অধ্যক্ষ যাদৱ বৰাই উল্লেখ কৰে যে, ছাত্ৰছাত্ৰী সকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ লগতে অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে জাতীয় বিদ্যালয় দায়বদ্ধ ৷সেই উদ্দেশ্য আগত ৰাখিয়েই এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।