লখিমপুৰঃ বিহপুৰীয়াৰ উন্নয়ন খণ্ডৰ অধীনৰ পূব ডিক্ৰং গাঁও পঞ্চায়ত এলেকাৰ শ্ৰীশ্ৰী যদুমণি থান সত্ৰৰ চৌহদত সংঘটিত হৈছে কেইবালক্ষধিক ধনৰ বৃহৎ কেলেংকাৰী।
বিগত ২০২০-২০২১ বৰ্ষত বুৰঞ্জী প্ৰসিদ্ধ কন্দলি পুখুৰীৰ গৰাৰ সৌন্দয্য বৰ্ধিত পকী খতখতী নিৰ্মাণ আৰু বনানীকৰণ আঁচনিত নিয়োজিত স্থানীয় ঠিকাদাৰে সংঘটিত কৰিলে দুৰ্নীতি। আঁঠ লক্ষাধিক টকাৰ আৱণ্টিত ধনেৰে নিৰ্মাণ কৰা পকী খতখতী চূড়ান্ত অনিয়ম আৰু বিসংগতিৰ বাবেই নিৰ্মাণৰ সাত মাহতে ভাঙি জহি খহি পৰিল।
আনহাতে, বনানীকৰণ আঁচনিখনতো সংঘটিত হ’ল চূড়ান্ত অনিয়ম। বনানীকৰণৰ নামত এটিও গছ পুলি ৰোপন কৰা নহ’ল থান চৌহদত। এনেকৈয়ে চূড়ান্ত অনিয়মেৰে সম্পূৰ্ণ ধন স্থানীয় ঠিকাদাৰে হৰলুকি কৰাৰ বুলি অভিযোগ উঠিছে। জানিব পৰা মতে, পূব ডিক্ৰং গাঁও পঞ্চায়তৰ সভানেত্ৰী, আঁচনিৰ মধ্যভুগী তথা ঠিকাদাৰ পৰাগ ফুকনৰ সৈতে মিলি আঁচনিৰ সম্পূৰ্ণ ধন আত্মসাত কৰা বুলি চৰ্চা চলিছে।