বিশ্ব কৰ্মা পুজাঃ মাজত মাত্ৰ এটা দিনঃ ব্যস্ততাৰ অন্ত নাইকীয়া মৃৎ শিল্পী সকলৰ

ৰঙিয়াঃ “বিশ্বৰ খনিকৰ বিশ্ব কৰ্মা পুজালৈ মাজত মাথো এটা দিন বাকী । ব্যস্ততাৰ অন্ত নাইকীয়া মৃৎ শিল্পী সকলৰ । দিন ৰাতি একাকাৰ কৰি মৃৎ শিল্পী সকল বিশ্ব খনিকৰৰ মৃন্ময় মুৰ্ত্তি বনোৱাত ব্যস্ত ।

বাইহাটা চাৰিআলিটো দেখা গ’ল মৃৎ শিল্পীৰ ব্যস্ততা । ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ পৰাই মৃন্ময় মুৰ্তি তৈয়াৰ কৰি অহা এইজন ৰাহুল শৰ্মা এতিয়া ব্যস্ত বিশ্ব খনিকৰৰ প্ৰতিমা নিৰ্মানত ।

নিজৰ বাস গৃহতে ৰাহুল শৰ্মাই বছৰ বছৰ ধৰি তৈয়াৰ কৰি আহিছে বিশ্ব কৰ্মাৰ লগতে সকলো পূজাৰে প্ৰতিমা । প্ৰতিমা তৈয়াৰ কৰি বিক্ৰী কৰি পোৱা ধনেৰে বছৰ দিনৰ বাবে পৰিয়াল পোহপাল দিয়ে ৰাহুল শৰ্মাই।