বিশ্বৰ ৫০০ প্ৰভাৱশালী মুছলমানৰ তালিকাত বদৰুদ্দিন আজমল

ডিজিটেল ডেক্সঃ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মুছলমান নেতাৰ তালিকাত পুনৰবাৰ অন্তৰ্ভুক্ত হ’ল বদৰুদ্দিন আজমল। দা ৱৰ্ল্ডছ ৫০০ ম’ষ্ট ইনফ্লুৱেন্সিয়েল মুছলমান ২০২৪ অৰ্থাৎ বিশ্বৰ ৫০০ আটাইতকৈ প্ৰভালশালী মুছলমানৰ তালিকাত আজমলে ১৪৭ সংখ্যক স্থান লাভ কৰিছে।

অসমৰ পৰা একমাত্ৰ ৰাজ্যিক জমিয়তৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে বিশ্বৰ ৫০০ জন মুছলমান প্ৰভালশালীৰ ভিতৰত স্থান লাভ কৰে। আজমল ফাউণ্ডেচনৰ পৰা এই কথা জানিবলৈ দি কোৱা হয় যে, আৰ্ততজনক সহায় কৰাৰ উপৰি দাতব্য চিকিৎসালয়, মহিলা মহাবিদ্যালয়, অনাথ শিশু সকলৰ কাৰণে আগবঢ়োৱা বিশেষ সুবিধা প্ৰদান কৰা ইত্যাদি বিযয় সমূহৰ কাৰণে তালিকাত আজমলৰ নাম অন্তৰ্ভুক্ত হয়।

মন কৰিবলগীয়া যে একেৰাহে ১৪ বাৰলৈ ৫০০ জন প্ৰভাৱশালী মুছলমান ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আহিছে সাংসদ আজমলৰ নাম।

উল্লেখযোগ্য যে আজমল ফাউণ্ডেচনৰ অধীনত ৮০ খনৰো অধিক কলেজ, এখন আইন মহাবিদ্যালয়, আজমল ছুপাৰ ৪০ নামৰ বিশেষ কচিং চেণ্টাৰৰ জৰিয়তে প্রতি বছৰে শ শ ছাত্ৰ-ছাত্ৰী চিকিত্সক-ইঞ্জিনীয়াৰ হ’বলৈ সুযোগ লাভ কৰি আহিছে। ইফালে আজমল আই এ এছ একাডেমীৰ জৰিয়তে শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে।