বিশ্বনাথৰ বেচৰকাৰী সংস্থা ‘ছাইনিং গ্ৰীণ আচিয়ানা ৱেলফায়াৰ ফাউণ্ডেচন’ৰ সহযোগত মোনাবাৰী হাইস্কুলত আজি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চকু ৰোগৰ সমস্যা৷ দৰিদ্ৰ লোক সকলে চিকিৎসাৰ বাবে চিকিৎসালয় লৈ যাবৰ বাবেও বহু অসুবিধাৰ সন্মুখিন হয় ৷

তাৰে প্ৰতি লক্ষ্য ৰাখি আজি বিশ্বনাথৰ বেচৰকাৰী সংস্থা ‘ছাইনিং গ্ৰীণ আচিয়ানা ৱেলফায়াৰ ফাউণ্ডেচন’ৰ সহযোগত মোনাবাৰী হাইস্কুলত আজি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয় ৷

গুৱাহাটীৰ আই চেন্টাৰৰ বিশেষজ্ঞৰ উপস্থিতিত এই চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷ আজি পুৱা ৯ বজাৰ পৰা ২ বজালৈ মোনাবাৰী হাইস্কুলত প্ৰায় পাঁচ শতাধিক লোকৰ চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ চকু চিকিৎসা কৰা হয়।