বিশ্বনাথৰ ডফলাগড়ত অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

বিশ্বনাথৰ ডফলাগড়ত অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন।

অসমৰ জল্‌হা ( চাহ জনগোষ্ঠী ) সম্প্ৰদায়ৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক উন্নয়নৰ স্বাৰ্থত গঠন হোৱা অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত বিশ্বনাথ জিলা সমিতি আৰু দফলাগড় জল্‌হা( চাহ জনগোষ্ঠী ) ৰাইজৰ আতিথ্যত দিনযোৰা কাৰ্যসূচীৰে বিশ্বনাথ জিলাৰ দফলাগড় তিনিখনীয়াস্থিত দা ব্ৰাইট ইংলিছ স্কুলৰ প্ৰাঙ্গনত পালন কৰা হয়।

পুৱা সংগঠনটোৰ পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু বৃক্ষ ৰোপণৰ পাছতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান সভাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

চৰকাৰে খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰা জলহা সকলৰ পৃথককৈ জৰীপ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈত আলোচনা কৰাৰ কথা প্ৰকাশ কৰে। লগতে জলহা সকলৰ লোকপিয়ল কৰাৰ ক্ষেততো চৰকাৰৰ সৈতে আলোচনাত বহাৰ কথা উল্লেখ কৰে।

ইয়াৰোপৰি সভাত চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জল্‌হা জাতি সন্মিলনী, অসমৰ কেন্দ্ৰীয় সভাপতি হবিবুৰ ৰহমান, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।