বিশ্বনাথঃ যোৱা কিছুদিন পুৰ্বে ৰাজ্যত চকু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াবহ ভাৱে বৃদ্ধি হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত বিশ্বনাথৰ চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে বিহালীৰ মোনাবাৰীত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ স্থাপন কৰি চকু ৰোগত আক্ৰান্ত ৰোগী সকলক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।
তাৰে মাজৰ ৭ গৰাকীকৈ দ্ৰৰিদ্ৰ ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰৰ বাবে গুৱাহাটীৰ আই কেয়াৰ হস্পিতাললৈ প্ৰেৰণ কৰে অনুষ্ঠানটিয়ে।
আৰু আজি ৰোগী ৭-গৰাকী ৰোগীয়ে চকুৰ অস্ত্ৰোপ্ৰচাৰ সুকলমে সম্পন্ন কৰি বিহালীত উপস্থিত হৈ ৰোগী সকলে ছাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ লগতে সংস্থাটোক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৰোগী সকলে।