বিশ্বকাপৰ ১৫ জনীয়া দলৰ অংশ হৈ পৰিল অভিজ্ঞ ৰবীচন্দ্ৰন অশ্বিন

Sports Desk: শুকুৰবাৰৰ পৰা গুৱাহাটীত বিশ্বকাপৰ প্ৰস্তুতি মেচ। এই প্ৰস্তুতি মেচৰ বাবে আজি বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছেহি ভাৰতীয় ক্ৰিকেট দলটো। বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোৰ সৈতে একেলগে গুৱাহাটীত আহি উপস্থিত হয় অফস্পীনাৰ ৰবীচন্দ্ৰন অশ্বিন।

অথচ এইগৰাকী অভিজ্ঞ স্পীনাৰ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলৰ অংশ নাছিল। বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৱে ঘৰৰ মাটিত যি ৩ খন এদিনীয়া খেলিছিল সেই এদিনীয়াৰ অন্যতম সদস্য আছিল অশ্বিন।

এছিয়া কাপত অক্সৰ পেটেলে সন্মুখীন হোৱা আঘাতে অশ্বিনৰ বিশ্বকাপ দলত অন্তৰ্ভুক্তিৰ বাট মুকলি কৰিব বুলি সকলোৱেই ধাৰণা কৰিছিল। সেই ধাৰণাই এতিয়া সত্য প্ৰমাণিত হ’ল। বিশ্বকাপৰ ১৫ জনীয়া দলৰ অংশ হৈ পৰিল অভিজ্ঞ ক্ৰিকেটাৰজন।

শেহতীয়াকৈ এছিয়া কাপত বাংলাদেশৰ বিৰুদ্ধে খেলা মেচত অক্সৰ পেটেলে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে তেওঁৰ এই মেচখনত প্ৰদৰ্শন আছিল দৰ্শনীয়। অক্সৰৰ সেই আঘাতেই তেওঁৰ বিশ্বকাপৰ যাত্ৰাক বাধা প্ৰদান কৰিলে। সদ্য সমাপ্ত অষ্ট্ৰেলিয়া ছিৰিজতো খেলাৰ পৰা বঞ্চিত হৈছিল ক্ৰিকেটাৰগৰাকী। তেওঁৰ স্থানত ৰবীচন্দ্ৰন অশ্বিনৰ প্ৰদৰ্শন আছিল অনবদ্য।

অৱশেষত সৌভাগ্যৰ দুৱাৰ মুকলি হোৱাত অশ্বিনো অন্তৰ্ভুক্ত হ’ল ভাৰতীয় দলত। অশ্বিনৰ ভাৰতীয় দলত অন্তৰ্ভুক্তিয়ে দলটোক পূৰ্ণতা দিলে বুলি চৰ্চা আৰম্ভ হৈছে।

বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় মূল দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলি, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ঈশান কিষাণ, শ্ৰেয়াস আয়াৰ, সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, কুলদীপ যাদৱ, চাৰ্দুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ ছিৰাজ আৰু যশপ্ৰীত বুমৰাহ।