ইংৰাজীত লেটাৰ সহ ৬৩ শতাংশ নম্বৰৰে প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ বিশেষ ভাৱে সক্ষম নলবাৰীৰ শিৱ প্ৰতিম কাশ্যপ৷
হুইল চিয়াৰত বহিয়ে অৱৰ্তীৰ্ণ হৈছিল পৰীক্ষাত ৷
ইংৰাজীত লেটাৰ সহ উৰ্ত্তীৰ্ণ হ’ল প্ৰথম বিভাগত ৷
সফলতা অৰ্জন কৰি প্ৰাপ্তিৰ হাঁহি শিৱ প্ৰতিম কাশ্যপৰ৷
বিশেষ ভাৱে সক্ষম মেধাৱী শিৱ প্ৰতিমৰ সফলতাত সুখী শিক্ষক সমাজ৷
শাৰীৰিক বাধাগ্ৰস্ততা যে কেতিয়াও শিক্ষাৰ হেঙাৰ হব নোৱাৰে৷ তাকেই প্ৰমাণ কৰি দেখুৱালে নলবাৰীৰ এগৰাকী বিশেষ ভাৱে সক্ষম মেধাৱীয়ে৷ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইগৰাকী বিশেষ ভাৱে সক্ষম ছাত্ৰ শিৱ প্ৰতিম কাশ্যপে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হয়৷ জিলাখনৰ পুষ্পকপুৰ নিৱাসী উমেশ চন্দ্ৰ দাস আৰু পাৰুল কলিতা দাসৰ পুত্ৰ শিৱ প্ৰতিমে ইংৰাজী বিষয়ত 84 নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ খবৰে আনন্দিত কৰিছে পিতৃ-মাতৃৰ লগতে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক৷ একমাত্ৰ হুইল চিয়াৰখনকে সাৰথি কৰিও জীৱন যুদ্ধত কাহানিও হাৰ নমনা এইগৰাকী মেধাৱীয়ে নিজৰ একাগ্ৰতাৰ বলত আজুৰি আনিলে সফলতা৷ Scribe ৰ সহায়ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈও মেধাৱী গৰাকীয়ে লাভ কৰা সফলতাত সুখী সকলো৷ ইফালে ছাত্ৰ গৰাকীৰ সফলতাত সুখী হৈ নগদ ধনেৰে পুৰস্কিত কৰাৰ কথাও ব্যক্ত কৰে অধ্যক্ষ গৰাকীয়ে৷