বিলুপ্ত হল ধৰ্মপুৰ সমষ্টি। নতুনকৈ গঠন হল টিহু সমষ্টি।

সুদীৰ্ঘ ২৫ বছৰে দপদপাই থকা বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ধৰ্মপুৰ সমষ্টি বিলুপ্ত। নতুন সমষ্টি হল টিহু।অৱসান হব নেকি চন্দ্ৰ মোহন পাটোৱাৰী ৰাজনৈতিক কেৰিয়াৰ। সমষ্টি বিলুপ্তিকৰণত ৰাইজৰ প্ৰতিক্ৰিয়া। নিষ্কর্মা মন্ত্ৰী পাটোৱাৰীক তীব্ৰ সমালোচনা ভোটাৰ ৰাইজৰ।

সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ চূড়ান্ত খচৰা প্ৰকাশ।বিলুপ্ত হল ধৰ্মপুৰ সমষ্টি। নতুনকৈ গঠন হল টিহু সমষ্টি।

১৯৮৫ চনৰ পৰা ২৫ বছৰ ধৰি ধৰ্মপুৰৰ ৰাজনীতিত দোপদপাই থকা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস হব নেকি ? নে ৰাজনীতিৰ পৰা বিদায় লব লাগিব।

সঁচাকৈয়ে নিষ্কৰ্ম্মা মন্ত্ৰী নেকি চন্দ্ৰ মোহন পাটোৱাৰী।সমষ্টি বিলুপ্তিকৰণতো নীৰৱ দৰ্শক মন্ত্ৰী চন্দ্ৰ মোহন।বিলুপ্ত হোৱা ধৰ্মপুৰৰ ভোটাৰ ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়া।

উল্লেখযোগ্য ১৯৮৫ চনত ধৰ্মপুৰৰ পৰা প্ৰথম বাৰ নিৰ্বাচন খেলি মন্ত্ৰী হোৱা চন্দ্রমোহন পাটোৱাৰীয়ে এই সমষ্টিৰ পৰা ১৯৯১, ১৯৯৬, ২০০৬ আৰু ২০১৯ চনত নিৰ্বাচিত হৈ আজিলৈ মন্ত্ৰী হৈ আছে। সুদীৰ্ঘ ২৫ বছৰ ধৰি মন্ত্ৰীত্বৰ সোৱাদ লোৱা মন্ত্ৰী পাটোৱাৰী সমষ্টি বিলুপ্তি কৰণতো নাই কোনো মাত-বোল। কেৱল নিৰ্বাচনৰ আগতহে সমষ্টিলৈ আহে মন্ত্ৰী পাটোৱাৰী।ৰাইজৰ ক্ষোভ মন্ত্ৰী চন্দ্ৰ মোহনৰ বিৰূদ্ধে।

উল্লেখযোগ্য চন্দ্রমোহন পাটোৱাৰী ১০০ শতাংশ ভোট বেংক থকা জা গা ৰা, ককয়া, নলিছা, কৈহাটী, পিপলিবাৰী আদি গাঁও সোমাল বৰক্ষেত্ৰী সমষ্টিত।সেয়ে ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে-সচাকৈ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী নিষ্কর্মা নেকি। তেওঁ পুনৰ টিকট পাবনে। নে ২০২৬ চনৰ পূৰ্বে ধ্বংস হব তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ ? আহিব নেকি নতুন মুখ ?