বিলাসীপাৰাত বাছেৰ আলীৰ হত্যাকাণ্ডৰ মুল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ।

বিলাসীপাৰাত বাছেৰ আলীৰ হত্যাকাণ্ডৰ মুল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ।

ধুবুৰীঃ যোৱা দুদিন মান পূৰ্বে নিশা বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী দলে নিশা ২ বজাত গোঁসাই গাওঁৰ আৰক্ষীৰ সহযোগত কোকৰাঝাৰ জিলাৰ চৌওতাৰা এখন ভিতৰুৱা গাঁৱৰ পৰা খেদি খেদি আটক কৰে আখিৰুল ইছলাম নামৰ দুৰ্বৃত্তক।

যোৱা ২৫ মেত বিলাসীপাৰা চহৰত ৮ নং ৱাৰ্ডস্থিত ভৈৰবগঞ্জত প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক শুন্য দুৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল বুলি জানিব পৰা গৈছে।

হত্যাকাণ্ডৰ মুল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হয় বিলাসীপাৰাৰ বাঘমাৰী চাটাপাৰাৰ পৰা বুলি জানিব পৰা গৈছে।

বিলাসীপাৰা মহকুমা প্ৰশাসন বিষয়াৰ নেতৃত্বত দূৰ্বৃত্তৰ আখিৰুল ইছলামক গ্ৰেপ্তাৰ কৰাত মহকুমা প্ৰশাসন বিষয়া গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দূৰ্বৃত্ত আখিৰুলক যাৱজ্জীৱন কাৰাদণ্ড নাইবা ফাঁচীৰ দাবী জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, দেশীও মঞ্চৰ শান্তি বজাৰ আঞ্চলিক সমিতি আৰু চাটাপাৰা অঞ্চল বাসী ৰাইজে।