বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।

বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ দাবীত আমগুৰিৰ নামতি চাৰি আলিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।

দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ পৰা ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি অসমীয়া যুৱ মঞ্চই নামতি চাৰি আলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে সংগঠনটোৱে নামতি আৰু আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

লগতে পথ মেৰামতিৰ বাবে সংগঠনটোৱে ১৫ দিনৰ সময় সীমা বান্ধি দিছে। অন্যথা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে।