বিধায়ক সুশান্ত বৰগোহাঁইৰ গৃহ পঞ্চায়তত পঞ্চায়ত সভানেত্ৰী লুণ্ঠনৰাজ।

জনপ্ৰতিনিধিৰ বিৰুদ্ধে জনপ্ৰতিনিধিৰ প্ৰতিবাদ।

বিধায়ক সুশান্ত বৰগোহাঁইৰ গৃহ পঞ্চায়তত পঞ্চায়ত সভানেত্ৰী লুণ্ঠনৰাজ।

শিৱসাগৰঃ লুণ্ঠনৰ ৰম্যভূমিত যেন পৰিণত হ’ল শুকানপুখুৰী গাঁও পঞ্চায়ত।

ডিমৌ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত শুকানপুখুৰী গাঁও পঞ্চায়তত ৱাৰ্ড সদস্যই সভানেত্ৰীৰ বিৰুদ্ধে নামিল প্ৰতিবাদত।

জনপ্ৰতিনিধিৰ বিৰুদ্ধে জনপ্ৰতিনিধিৰ প্ৰতিবাদ। ৰাইজৰ উন্নয়ন বাবে অহা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। বিধায়ক সুশান্ত বৰগোহাঁইৰ গৃহ পঞ্চায়তত লুণ্ঠনৰাজ চলাৰ অভিযোগ তুলি পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে পঞ্চায়ত প্ৰতিনিধি সকলে অনাস্থা প্ৰস্তাৱ দুবাৰকৈ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। তাৰ পৰিপেক্ষিততে শুকানপুখুৰী গাঁও পঞ্চায়তত দহটা ৱাৰ্ডৰ সদস্যই আজি পঞ্চায়তৰ সন্মুখত পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ অপসাৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয়। শুকানপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপা গগৈয়ে বিভিন্ন সময়ত পঞ্চায়তলৈ অহা আঁচনিসমূহ নিজ স্বামী আৰু পুত্ৰক ঠিকা দিয়াৰ লগতে দুৰ্নীতিৰ আশ্ৰয় লৈ ক্ৰতিপূৰ্ণ ভাৱে ৰূপায়ন কৰি অহাৰ অভিযোগ তুলি আন পঞ্চায়ত প্ৰতিনিধি সকলে প্ৰতিবাদ কৰি আহিছিল।

বিগত সময়ত দহ গৰাকী পঞ্চায়ত ৱাৰ্ড সদস্যৰ ভিতৰৰ সাত গৰাকীয়ে সভানেত্ৰীৰ এই কৰ্মৰ বিৰুদ্ধে শিৱসাগৰ জিলা আয়ুক্ত, স্থানীয় বিধায়ক আৰু ডিমৌ খণ্ড উন্নয়ন বিষয়াক নিজ স্বাক্ষৰ সম্বলিত লিখিত অভিযোগ দিয়াৰ পাছতো প্ৰশাসন তথা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পঞ্চায়ত প্ৰতিনিধি সকলে আজি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। আজি এই ধৰ্ণা কাৰ্যসূচীৰ পাছত শিৱসাগৰ জিলা প্ৰশাসন তথা ডিমৌ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।